মানুহ নহয় কিন্তু বৰফৰ ওপৰত দৌৰি আছে ‘কিবা’ এটা! ছবিখন ভালকৈ চাই চিনাক্ত কৰাৰ আহ্বান

News18 Assam | News18-Assam
Updated:February 12, 2021, 10:11 AM IST
মানুহ নহয় কিন্তু বৰফৰ ওপৰত দৌৰি আছে ‘কিবা’ এটা! ছবিখন ভালকৈ চাই চিনাক্ত কৰাৰ আহ্বান
Optical Illusion Image

Optical Illusion Image:এয়া হ'ব পাৰে বৰফৰ এলেকাত উপলব্ধ কোনো প্ৰজাতিৰ ভালুক অথবা কুকুৰ !

  • News18 Assam
  • Last Updated: February 12, 2021, 10:11 AM IST
  • Share this:
বৰফাবৃত্ত অঞ্চলৰ এখন ছবি সম্প্ৰতি ব্যাপক হাৰত ভাইৰেল হৈ পৰিছে ইন্টাৰনেটত। যি চাক্ষুস ভ্ৰমত পেলাইছে সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলকো। সাংবাদিক নিক'লচ থাম্পচনে নিজৰ টুইটাৰত আপলোড কৰিছে এই ছবিখন। তাৰ পাচতে ছবিখনক লৈ এক প্ৰকাৰ আৰম্ভ হৈছে চৰ্চা।

কিয়নো যদিহে ছবিখন আপুনি লক্ষ্য কৰে , তেন্তে পোনচাটে ছবিখনত এগৰাকী লোকে বৰফাবৃত্ত এলেকাত দৌৰি থকা যেন লাগিব আপোনাৰ। কিন্তু বাস্তৱত ছবিখন তেনেকুৱা হয় জানো ?

ফটোখন লক্ষ্য কৰিলে ক'লা উমাল কাপোৰ পৰিহিত এগৰাকী ব্যক্তিয়ে বৰফাবৃত্ত এলেকাত ওপৰলৈ গৈ আছে । কিন্তু যদিহে আপুনি ছবিখন ভালকৈ লক্ষ্য কৰে তেন্তে আপুনি ছবিখনৰ কিছু ব্যতিক্ৰমী কথা মন কৰিব । দৰাচলতে ভালকৈ লক্ষ্য কৰিলে উপলব্ধি কৰিব যে, এয়া মানুহ নহয়, এটা বৰফৰ এলেকাত থকা জন্তুহে। সম্ভৱঃ এয়া হ'ব পাৰে বৰফৰ এলেকাত উপলব্ধকোনো প্ৰজাতিৰ ভালুক অথবা কুকুৰ।

সাংবাদিক নিক'লচ থাম্পচনে নিজৰ টুইটাৰত ছবিখন আপলোড কৰি লিখিছে যে, 'আজিৰ ৰাতিৰ বাবে এটা চাক্ষুস ভ্ৰম। প্ৰথমে আপুনি এগৰাকী লোকক বৰফাবৃত্ত এলেকাত দৌৰি থকা দেখিব ...আৰু তাৰ পিছত।




বাতৰি যুগুতোৱা পৰ্যন্ত নিক'লচ থাম্পচনৰ এই ছবিখনত ২ লাখৰো অধিক লাইক আছিল আৰু ২৮ হাজাৰৰো অধিক ৰি টুইট আছিল। ছ'চিয়েল মিডিয়াত এই ছবি ইতিমধ্যে ভাইৰেল হোৱাৰ লগতে ইয়াৰ সৈতে ব্যস্ত হৈ পৰিছে বহু লোক । ব্যক্ত কৰিছে নিজৰ নিজৰ ভাৱো।

উল্লেখ্য যে, নিক'লচ থাম্পচন হৈছে এগৰাকী আমেৰিকান সাংবাদিক। নিক'লচে নিজৰ টুইটাৰত ভিন্নসময়ত এনে ছবি পূৰ্বেও দি আহিছে ।
First published: February 12, 2021, 10:08 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি