ইছলামাবাদৰ ভাৰতীয় উচ্চায়ুক্তত কৰ্মৰত অপহৃত লোক দুজনৰ এজন অসমৰ দৈমু ব্ৰহ্ম

News18 Assam | News18-Assam
Updated:June 16, 2020, 10:33 PM IST
ইছলামাবাদৰ ভাৰতীয় উচ্চায়ুক্তত কৰ্মৰত অপহৃত লোক দুজনৰ এজন অসমৰ দৈমু ব্ৰহ্ম
ব্ৰহ্ম ২০১৭ চনৰ ছেপ্টেম্বৰ মাহৰ পৰাই ইছলামাবাদত কৰ্মৰত হৈ আছিল। 

ব্ৰহ্ম ২০১৭ চনৰ ছেপ্টেম্বৰ মাহৰ পৰাই ইছলামাবাদত কৰ্মৰত হৈ আছিল। 

  • Share this:
সোমবাৰে পাকিস্তানৰ ৰাজধানী ইছলামাবাদৰ পৰা সন্ধানহীন হোৱা ভাৰতীয় উচ্চায়ুক্তৰ দুজন ব্যক্তিৰ এজন অসমৰ দৈমু। ব্ৰহ্ম ইছলামাবাদৰ ভাৰতীয় উচ্চায়ুক্তত গাড়ী চালক হিচাপে কৰ্মৰত হৈ আছিল। সোমবাৰে ব্ৰহ্ম আৰু পল চেলভাধস নামৰ দুজন উচ্চায়ুক্তৰ গাড়ীচালক গাড়ী লৈ ওলাই গৈ বহু সময় ঘূৰি নহাত উচ্চায়ুক্তই আৰক্ষীৰ ওচৰত অপহৰণৰ গোচৰ ৰুজু কৰে। পিছত দুয়োজনক পাকিস্তানৰ আৰক্ষীয়ে পথত দুৰ্ঘটনা সংগঠিত কৰাৰ অভিযোগত আটক কৰা বুলি গম পোৱাত দিল্লীত বিদেশ মন্ত্ৰণালয়ে পাকিস্তান উচ্চায়ুক্তৰ উপ–উচ্চায়ুক্তক তলব কৰি দুইজনকে তৎক্ষণাত মুকলি কৰিবলৈ হেঁচা প্ৰয়োগ কৰে।

সন্ধিয়াৰ ভাগত দুইজনকে মুকলি কৰে পাকিস্তানৰ আৰক্ষীয়ে। দুয়োৰে মুখত আঘাতৰ চিন পোৱা গৈছে বুলি ভাৰতীয় উচ্চায়ুক্তই জানিবলৈ দিছে। ব্ৰহ্ম ২০১৭ চনৰ ছেপ্টেম্বৰ মাহৰ পৰাই ইছলামাবাদত কৰ্মৰত হৈ আছিল।
First published: June 16, 2020, 10:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading