ভাৰতেই হওক বা পৃথিৱীৰ আন দেশতেই হওক, নিবনুৱা সমস্যা (Unemployment) দিনক দিনে ভয়াৱহ হৈ গৈ আছে। ভাৰততো ই এক ব্যাধিৰ ৰূপ ধাৰণ কৰিছে। পিছে আজিৰ বাতিৰটো ভআৰতৰ নহয়, পাকিস্তানৰ। পাকিস্তান (Pakistan)তো নিবনুৱাৰ হাৰ ইমান বেছি যে চৰকাৰী চাকৰি এটা পোৱা মানে সাগৰ তলিত মুকুটা বিচৰাতকৈও টান হৈ পৰিছে।
পাকিস্তানত নিবনুৱাৰ হাৰ ইমানেই বেছি যে শেহতীয়াকৈ দেশখনত এটা পিয়নৰ চাকৰিৰ বাবে প্ৰায় ১৫ লাখ নিবনুৱাই আবেদন কৰিছে। এখন উচ্চ ন্যায়ালয়ৰ পিয়নৰ চাকৰিৰ বাবে বিজ্ঞাপন প্ৰকাশৰ পিছতে এই কাণ্ড সংঘটিত হৈছে। অৱশ্যে দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে দাবী কৰে যে পাকিস্তানত নিবনুৱাৰ হাৰ মাত্ৰ ৬.৫ শতাংশহে।
পাকিস্তানৰ Dawn কাকতখনে Pakistan Institute of Development Economics (PIDE)ৰ প্ৰতিবেদনৰ উল্লেখ কৰি প্ৰকাশ কৰা এক বাতৰি মতে দেশখনৰ শিক্ষিত নিবনুৱাৰ হাৰ ২৪ শতাংশ। এক চতুৰ্থাংশ শিক্ষিতৰ হাতত নাই কোনো চাকৰি বা কোনো সংস্থাপন। তদুপৰি পাকিস্তানৰ ৪০ শতাংশ শিক্ষিত মহিলাৰ নাই কোনো চাকৰি বা সংস্থাপন।
Dawn কাকতখনৰ মতে ইমৰাণৰ খানৰ পাকিস্তান তেহৰি-এ-ইনছাফ (Pakistan Tehreek-i-first Insaf) দলৰ শাসনৰ কালত দেশখনত বাঢ়িছে নিবনুৱাৰ সমস্যা।
Published by: Manjumoni Borah
FIRST PUBLISHED : September 29, 2021, 00:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।