ব্ৰিটেইনত কোৰোণা ভাইৰাছৰ (Coronavirus) অমিক্ৰন ভেৰিয়েণ্টত (Omicron Variant) আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে (UK Prime Minister Boris Johnson) সোমবাৰে এই তথ্য সদৰি কৰে। এয়া সম্ভৱত অমিক্ৰন ভেৰিয়েণ্টত আক্ৰান্ত হোৱা প্ৰথমজন ৰোগীৰ মৃত্যু। প্ৰধানমন্ত্ৰী বৰিছ জনছনে কয় যে অমিক্ৰনত আক্ৰান্ত ৰোগী হাস্পতালত ভৰ্তি হৈ আছে আৰু দুখৰ কথা যে অমিক্ৰনত আক্ৰান্ত এজন লোকৰ মৃত্যু নিশ্চিত হৈছে।
বৈজ্ঞানিকসকলে কয় যে অমিক্ৰন ভেৰিয়েণ্ট কেইবাবাৰো মিউটেচনৰ পৰিণাম। কোভিডৰ অধিক সংক্ৰামক স্বৰূপ বি1.1.1.529 ৰ বিষয়ে প্ৰথমবাৰৰ বাবে ২৪ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ ফালৰ পৰা বিশ্ব স্বাস্থ্য সংস্থাক জনোৱা হৈছিল। ইয়াৰ পিছত বেলজিয়াম, হংকং, ইজৰাইল, ব্ৰিটেইন, অষ্ট্ৰেলিয়া, ডেনমাৰ্ক, নেডাৰলেণ্ড, জাপান, জাৰ্মানী, বৎসৱানা, আৰু ফ্ৰান্সসহ ৫৭খন দেশত এই ভেৰিয়েণ্ট চিনাক্ত হৈছিল।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|