• Home
  • »
  • News
  • »
  • world
  • »
  • Omicron|Delta|Coovid19 Twin Threat: অমিক্ৰনেই নহয় কোৰোণাৰ ডেল্টা ভেৰিয়েণ্টৰ আতংকও বাঢ়িব, কি ক'লে WHOৰ মুৰব্বীয়ে

Omicron|Delta|Coovid19 Twin Threat: অমিক্ৰনেই নহয় কোৰোণাৰ ডেল্টা ভেৰিয়েণ্টৰ আতংকও বাঢ়িব, কি ক'লে WHOৰ মুৰব্বীয়ে

Omicron|Delta|Coovid19 Twin Threat: ভাৰতত অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ৯৬১ জনলৈ বৃদ্ধি পাইছে। বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১৩,১৫৪ গৰাকী।

Omicron|Delta|Coovid19 Twin Threat: ভাৰতত অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ৯৬১ জনলৈ বৃদ্ধি পাইছে। বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১৩,১৫৪ গৰাকী।

Omicron|Delta|Coovid19 Twin Threat: ভাৰতত অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ৯৬১ জনলৈ বৃদ্ধি পাইছে। বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১৩,১৫৪ গৰাকী।

  • Share this:
বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো বাঢ়িছে কোৰোণাৰ অমিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণ। সমানে সমানে ভাৰতত বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰো সংখ্যা। যি সময়ত অমিক্ৰনৰ সংক্ৰমণে সকলোৰে টোপনি হৰিছে সেই সময়তে বিশ্ব স্বাস্থ্য সংস্থাই দিছে আন এক সকীয়নি। যদিও অমিক্ৰনৰ সংক্ৰমণেই এতিয়া সকলোৰে চিন্তাৰ বিষয় তথাপি কোৰোণাৰ ডেল্টা ভেৰিয়েণ্টৰ প্ৰকোপ কমা নাই বুলি সতৰ্ক কৰি দিছে বিশ্ব স্বাস্থ্য সংস্থাই। WHOৰ মতে এইবাৰ অমিক্ৰন আৰু ডেল্টা ভেৰিয়েণ্টে একেলগে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।

WHOৱে ডেল্টা আৰু অমিক্ৰনক টুইন থ্ৰেট আখ্যা দিছে আৰু কৈছে যে এই দুয়োটাই অধিক সংক্ৰমণ, হস্পিটেলাইজেচন আৰু মৃত্যুৰ কাৰণ হ'ব পাৰে। WHOৰ তথ্য মতে বিগত এক সপ্তাহত সমগ্ৰ বিশ্বত কোৰোণাৰ সংক্ৰমণ ১১ শতাংশ বৃদ্ধই পাইছে। আনহাতে আমেৰিকা আৰু ফ্ৰান্সত বুধবাৰে অভিলেখ হাৰত কোৰোণাৰ সংক্ৰমণ হৈছে।

WHOৰ মুৰব্বী টেড্ৰোছে কয় যে ডেল্টা আৰু অমিক্ৰনে এইবাৰ সংক্ৰমণৰ ছুনামী নমাই আনিব পাৰে।

ভাৰতত অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ৯৬১ জনলৈ বৃদ্ধি পাইছে। দিল্লী, মহাৰাষ্ট্ৰ আৰু গুজৰাটত অধিক সংক্ৰমণ হৈছে অমিক্ৰনৰ।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

আনহাতে ভাৰতত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১৩,১৫৪ গৰাকী। উল্লেখ্য যে ২৬ নৱেম্বৰৰ পিছত ভাৰতত বুধবাৰে প্ৰথমবাৰ কোৰোণাত আক্ৰান্তৰ সংখ্যা ১০ হাজাৰৰ অধিক হৈছে।
Published by:Manjumoni Borah
First published: