• Home
  • »
  • News
  • »
  • world
  • »
  • Sheila Seleoane : ভাড়াঘৰত পৰি ৰৈছিল দুবছৰ পূৰ্বে মৃত্যু হোৱা বৃদ্ধাৰ মৃতদেহ, কিন্তু ভাড়া আদায় কৰি থাকিলে ঘৰৰ মালিকে

Sheila Seleoane : ভাড়াঘৰত পৰি ৰৈছিল দুবছৰ পূৰ্বে মৃত্যু হোৱা বৃদ্ধাৰ মৃতদেহ, কিন্তু ভাড়া আদায় কৰি থাকিলে ঘৰৰ মালিকে

ওচৰ-চুবুৰীয়াই জনোৱা মতে, ২০১৯ চনৰ আগষ্ট মাহৰ পৰা তেওঁলোকে মহিলাগৰাকীক দেখা নাই।

ওচৰ-চুবুৰীয়াই জনোৱা মতে, ২০১৯ চনৰ আগষ্ট মাহৰ পৰা তেওঁলোকে মহিলাগৰাকীক দেখা নাই।

ওচৰ-চুবুৰীয়াই জনোৱা মতে, ২০১৯ চনৰ আগষ্ট মাহৰ পৰা তেওঁলোকে মহিলাগৰাকীক দেখা নাই।

  • Share this:
সমাজ থাকিও যেন আজি সমাজহীন পৰিৱেশ। আগৰ দিনত মানুহে ওচৰ-চুবুৰীয়াৰ বিশেষ যত্ন লৈছিল। কিন্তু আজি সময়ৰ লগে লগে মানুহ ইমানেই ব্যস্ত হ’বলৈ ধৰিলে যে তেওঁ আপোনজনৰ বা ওচৰৰজনৰ সৈতেও সম্পৰ্ক বজাই ৰাখিব নোৱাৰে।

এইধৰণৰ চিন্তাৰ উদ্ৰেক ঘটাইছে লণ্ডনত ঘটা এটা ঘটনাই। লণ্ডনৰ এটা ঘৰৰ ভিতৰত বাস কৰা এগৰাকী বৃদ্ধাৰ মৃত্যু হৈছিল, কিন্তু তেওঁৰ মৃত্যুৰ বিষয়ে জানিবলৈ প্ৰয়োজন হৈছিল দুবছৰ সময়। অথচ তেওঁৰ ঘৰৰ সন্মুখত দম লাগি আছিল চিঠী, ফুলৰ থোপা। কিন্তু কোনেও বৃদ্ধাগৰাকীৰ বিষয়ে কৌতূহলী হোৱা নাছিল (Two Years Old Dead Body Found)।

দক্ষিণ-পূব লণ্ডনৰ এই বৃদ্ধাগৰাকী আছিল শ্বেইলা চেলৱনে (Sheila Seleoane)। তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে তেওঁৰ ফ্লেটৰ মজিয়াত। মৃতদেহটো সম্পূৰ্ণ শুকাই গৈছিল, আছিল মাত্ৰ হাড়। তেওঁৰ ওচৰ-চুবুৰীয়াই জনোৱা মতে, ২০১৯ চনৰ আগষ্ট মাহৰ পৰা তেওঁলোকে মহিলাগৰাকীক দেখা নাই। এনে অৱস্থাত প্ৰায় দুবছৰ পূৰ্বে মহিলাগৰাকীৰ মৃত্যু হোৱা কোৱা হৈছে (Old woman lay dead in the London house for over two years)।

আচৰিত কথা যে তেওঁৰ ঘৰৰ গেছ ছাপ্লাইৰ সংযোগো বিচ্ছিন্ন হৈছিল। কিন্তু এই সকলোবোৰৰ মাজতো তেওঁৰ ঘৰৰ মালিকে তেওঁৰ পৰা ভাড়া আদায় কৰি আছিল অনলাইনযোগে।

দ্য মিৰ’ৰৰ খবৰ অনুসৰি ২০১৯ চনৰ আগষ্ট মাহৰ পৰা শ্বেইলা চেলৱনেক দেখা পোৱা নাছিল। ঘৰৰ বাহিৰত পৰি থকা চিঠিৰ স্তূপ আৰু গেছৰ সংযোগ বিচ্ছিন্ন হোৱাৰ পিছতো ভাড়া সংগ্ৰহ কৰা হৈছিল। অৱশেষত এজন চুবুৰীয়াই আৰক্ষীক এই বিষয়ে অৱগত কৰে। আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ ফ্লেটটোৰ দুৱাৰ খুলি দিয়াৰ সময়ত ভিতৰত এগৰাকী ৬১ বছৰীয়া মহিলাৰ মৃতদেহৰ অৱশেষ পৰি থকা দেখিবলৈ পায়।

মহিলাগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাছিল। কিন্তু ২০১৯ চনৰ আগষ্ট মাহৰ পৰা মহিলাগৰাকীক প্ৰত্যক্ষ নকৰাকৈ ঘৰৰ মালিকে আৰক্ষীৰ জনোৱা নাছিল সেই সন্দৰ্ভত ঘৰৰ মালিকক সোধা-পোছা কৰা হৈছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি