মূৰত পকা চুলি, বলিৰেখা পৰা মুখ, ওঁঠত ৰঙা লিপষ্টিক লোৱা বৃদ্ধাই হাতত তুলি লৈছে এক-৪৭। দেশৰ বাবে যুঁজ দিয়াৰ বাবে নিজকে সাজু কৰিবলৈ লৈছে প্ৰশিক্ষণ। সম্প্ৰতি ভাইৰেল হৈ পৰিছে বৃদ্ধাৰ ফটো।
বৃদ্ধাগৰাকী ইউক্ৰেইনৰ, নাম ভেলেণ্টিনা কনষ্টাণ্টিনোভস্ক। ৰাছিয়াৰ সম্ভাৱ্য ইউক্ৰেইন আক্ৰমণক লৈ তেওঁ এনেদৰে AK-47 লৈ প্ৰশিক্ষণ লৈছে। ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত সীমান্তত উত্তেজনা বৃদ্ধি হোৱাৰ লগে লগে ইউক্ৰেইনৰ ভেলেণ্টিনা কনষ্টাণ্টিনোভস্কৰ এখন ফটো টুইটাৰত ভাইৰেল হৈ পৰিছে৷ বৃদ্ধাগৰাকীৰ বয়স আছিল ৭৯ (Ukrainian grandmother is ready with AK47 amid tension with Russia)।
আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ভেলেণ্টিনাক পূব ইউৰোপৰ মাৰিয়পোলত থকা নেচনেল গাৰ্ড প্ৰশিক্ষণ শিবিৰত এছল্ট ৰাইফল চম্ভালিবলৈ প্ৰশিক্ষণ দিয়া হৈছে৷ শিশুসকলকো ৰাছিয়াৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছে বুলি জানিব পৰা গৈছে৷
৭৯ বছৰীয়া মহিলাগৰাকীয়ে স্থানীয় সংবাদ মাধ্যমক জনায় যে প্ৰয়োজন হ'লে গুলীচালনা কৰিবলৈ তেওঁ কুণ্ঠাবোধ নকৰে। তেওঁ লগতে কয় যে তেওঁ নিশ্চিতভাৱে তেওঁৰ দেশ, তেওঁৰ চহৰ আৰু তেওঁৰ সন্তানসকলক সুৰক্ষা দিব৷ তেওঁ স্বীকাৰ কৰে যে তেওঁ হয়তো এতিয়া তেওঁৰ বয়সৰ বাবে এজন দক্ষ সৈনিক হ'ব নোৱাৰে৷ কিন্তু তেওঁ প্ৰতিৰোধ কৰিব৷ তেওঁ ক'লে, "মই সেইটো কৰিম কাৰণ মই মোৰ দেশ, মোৰ চহৰ হেৰুওৱাটো নিবিচাৰো৷ মই যুঁজিবলৈ সাজু।" কৰক৷"
Published by: Gautam Barman
First published: February 19, 2022, 17:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|