সেও মানিলে পাকিস্তানে! ভাৰতৰ কঠোৰ স্থিতিৰ পিছত এৰি দিলে গ্ৰেপ্তাৰ কৰা দুই উচ্চায়ুক্তৰ বিষয়াক

News18 Assam | News18-Assam
Updated:June 15, 2020, 9:09 PM IST
সেও মানিলে পাকিস্তানে! ভাৰতৰ কঠোৰ স্থিতিৰ পিছত এৰি দিলে গ্ৰেপ্তাৰ কৰা দুই উচ্চায়ুক্তৰ বিষয়াক
ভাৰতে পাকিস্তানক নিৰ্দেশ দিছিল যে দেশৰ দুইজন বিষয়াক তেওঁলোকৰ কাৰ্যালয়ৰ বাহনসহ ভাৰতীয় উচ্চায়ুক্তলৈ পঠিয়াই দিয়া হয়।

ভাৰতে পাকিস্তানক নিৰ্দেশ দিছিল যে দেশৰ দুইজন বিষয়াক তেওঁলোকৰ কাৰ্যালয়ৰ বাহনসহ ভাৰতীয় উচ্চায়ুক্তলৈ পঠিয়াই দিয়া হয়।

  • Share this:
নতুন দিল্লীঃ ভাৰতৰ হেঁচাত সেও মানি পাকিস্তানে গ্ৰেপ্তাৰ কৰা ভাৰতীয় বিষয়াক এৰি দিলে। ইয়াৰ পূৰ্বে পাকিস্তানৰ ৰাজধানী ইছলামাবাদত ভাৰতীয় উচ্চায়ুক্তৰ (High Commision of India) দুজন বিষয়া সন্ধানহীন হোৱাৰ পিছতে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে  (Ministry of External Affairs) পাকিস্তান উচ্চায়ুক্তৰ কাৰ্যকৰী উচ্চায়ুক্তক তলৱ কৰিছিল। পাকিস্তানৰ কাৰ্যকৰী উচ্চায়ুক্তই ইতিমধ্যে স্পষ্ট কৰিছে যে বিষয়াসকলক কোনো ধৰণৰ সোধা–পোচা বা উৎপীড়ন নহয়। পাকিস্তানৰ বিষয়াসকলক দূতাবাসৰ কৰ্মীৰ সুৰক্ষাৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

সূত্ৰমতে, ভাৰতে পাকিস্তানক নিৰ্দেশ দিছিল দুয়োজন বিষয়াক তেওঁলোকৰ কাৰ্যালয়ৰ বাহনসহ ভাৰতীয় উচ্চায়ুক্তলৈ পঠিয়াই দিয়া হওক।

পাকিস্তানৰ দাবী যে দুয়োজন বিষয়াক হিট এণ্ড ৰাণ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। জিঅ’ নিউজৰ মতে, দুয়োজন বিষয়াৰ বাহনৰ খুন্দাত এজন ব্যক্তি গুৰুতৰভাৱে আহত হৈছে। পাকিস্তানে এই দাবীও কৰিছে যে বিষয়াদুজনে সেই ব্যক্তিজনক তাতেই পেলাই থৈ তাৰ পৰা পলায়ন কৰিছিল। ইয়াৰ পিছতে দুয়োজনকে গ্ৰেপ্তাৰ কৰা হয়।




উল্লেখযোগ্য যে, ইছলামাবাদৰ ভাৰতীয় উচ্চায়ুক্তৰ কাৰণে কাম কৰা দুজন ভাৰতীয় বিষয়া পুৱা ৮বজাত কাৰ্যালয়লৈ ওলোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল। ইয়াৰ পিছতে ভাৰতে প্ৰশ্ন কৰাৰ পিছত এই হিট এণ্ড ৰাণৰ কাৰণে গ্ৰেপ্তাৰ কৰাৰ সূত্ৰ পাকিস্তানে দিছে।



ইয়াৰ পূৰ্বেও ভাৰতৰ বিষয়াকেইজনক পাকিস্তানে ভাবুকি দিয়াক লৈ দেশে আপত্তি কৰিছিল।
First published: June 15, 2020, 7:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading