থাইলেণ্ডৰ ৰজাৰ প্ৰেয়সীৰ ডেৰ হাজাৰ নগ্ন ফটো ভাইৰেল হ’ল ছচিয়েল মিডিয়াত!

News18 Assam | News18-Assam
Updated:December 23, 2020, 1:56 PM IST
থাইলেণ্ডৰ ৰজাৰ প্ৰেয়সীৰ ডেৰ হাজাৰ নগ্ন ফটো ভাইৰেল হ’ল ছচিয়েল মিডিয়াত!
বহুতৰে ধাৰণা, ৰাজ পৰিয়ালৰ ভিতৰচ’ৰাৰ কন্দল আৰু বিদ্বেষৰ ফল এই ঘটনা।

বহুতৰে ধাৰণা, ৰাজ পৰিয়ালৰ ভিতৰচ’ৰাৰ কন্দল আৰু বিদ্বেষৰ ফল এই ঘটনা।

  • Share this:
প্ৰায় দেৰ হাজাৰ ফটো ভাইৰেল হ’ল থাইলেণ্ডৰ ৰজা মহা ভজিৰালংগকৰ্ণৰ প্ৰেয়সী ছিনেনাত ৱাংগভাজিৰাপাকডিৰ। তাৰ ভিতৰত অন্তত শতাধিক ফটো নগ্ন বা অৰ্ধনগ্ন। কিছু ফটোত নাইট ছ্যুটত দেখা গৈছে ছিনেনাত ওৰফে কোইক। ৰাজ পৰিয়ালৰ এগৰাকী সদস্যৰ এনে আপত্তিজনক ফটো পোহৰলৈ অহাৰ পিছতে তোলপাৰ আৰম্ভ হৈছে ৰাজ পৰিয়ালৰ ভিতৰচ’ৰাত।

বহুতৰে ধাৰণা, ৰাজ পৰিয়ালৰ ভিতৰচ’ৰাৰ কন্দল আৰু বিদ্বেষৰ ফল এই ঘটনা। ৰজাৰ প্ৰাক্তন কোনো পত্নীয়ে ষড়যন্ত্ৰ কৰি ছিনেনাতৰ বিৰুদ্ধে এই পদক্ষেপ গ্ৰহণ কৰিছে। বিগত বছৰত ৰজাই তেওঁৰ ব্যক্তিগত দেহৰক্ষী কোইক ৰয়েল মিষ্ট্ৰেছৰ সন্মানেৰে বিভূষিত কৰিছিল। ইয়াৰ পূৰ্বেও ৰজাৰ তিনিগৰাকী পত্নী আছিল। তিনি পত্নীক ডিভ’ৰ্চ দিছে ৰজাই। পূৰ্বৰ পক্ষৰ ফালৰ ৭ সন্তান আছে। বৰ্তমান তেওঁ থাকে ছিনেনাতৰ সৈতে।

ছিনেনাত পেছাত এগৰাকী বিমান চালক। ৰজাৰ দেহৰক্ষীৰ কাম কৰে তেওঁ। সম্প্ৰতি ৰজাৰ বজীগাৰ্ডৰ ভিতৰত মেজৰ জেনেৰেল নিযুক্ত হৈছে তেওঁ। ফলত পেছাগত প্ৰতিদ্বন্দ্বিতাৰ পৰাও এই কাম কোনোৱে কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।

এখন ব্ৰিটিছ জাৰ্নালত প্ৰকাশিত খবৰ অনুসৰি, আপত্তিজনক এই ফটোসমূহ সম্ভৱত ছিনেনাতে নিজেই তুলিছিল। তেওঁৰ নিজৰ ম’বাইলৰ পৰাই ফটোসমূহ তোলা হৈছিল বুলি ধাৰণা কৰা হৈছে। সেই ফটোসমূহ তুলি ৰজাক প্ৰেৰণ কৰিছিল। তেওঁৰ ফোন হেক কৰি সেই ফটোসমূহ ছচিয়েল মিডিয়াত ভাইৰেল কৰা হয়।
Published by: Sanjay Kumar Das
First published: December 23, 2020, 1:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading