কি থাকে ড’নাল্ড ট্ৰাম্পৰ নিৰাপত্তা বিষয়াৰ হাতত থকা ব্ৰীফকেছটোত? মুহূৰ্তৰ ভিতৰতে সৃষ্টি কৰিব পাৰে ধ্বংসলীলাৰ

News18 Assam | News18-Assam
Updated:February 21, 2020, 10:50 AM IST
কি থাকে ড’নাল্ড ট্ৰাম্পৰ নিৰাপত্তা বিষয়াৰ হাতত থকা ব্ৰীফকেছটোত? মুহূৰ্তৰ ভিতৰতে সৃষ্টি কৰিব পাৰে ধ্বংসলীলাৰ
Photo : vox.com

এই ব্ৰীফকেছটোক ‘নিউক্লিয়াৰ ফুটবল’ হিচাপে জনা যায়। ট্ৰাম্পৰ ভ্ৰমণৰ সময়ত নিৰাপত্তা বিষয়াৰ হাতত সদায় থাকে এই ব্ৰীফকেছটো।

  • News18 Assam
  • Last Updated: February 21, 2020, 10:50 AM IST
  • Share this:
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলানিয়া ট্ৰাম্প ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিব। ট্ৰাম্পৰ এই ভ্ৰমণসূচীৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। ট্ৰাম্পৰ নিৰাপত্তাৰ বাবে তেওঁৰ সৈতে আহিব নিৰাপত্তাৰক্ষীৰ বৃহৎ দল। ট্ৰাম্প য’লৈকে যায় তেওঁৰ নিৰাপত্তা বিষয়াৰ হাতত থাকে এটা বিশেষ ব্ৰীফকেছ। কি থাকে ট্ৰাম্পৰ নিৰাপত্তা বিষয়াৰ হাতত থকা এই ব্ৰীফকেছটোত? জানি আচৰিত হ’ব আপুনি।

এই ব্ৰীফকেছটোক ‘নিউক্লিয়াৰ ফুটবল’ হিচাপে জনা যায়। ট্ৰাম্পৰ ভ্ৰমণৰ সময়ত নিৰাপত্তা বিষয়াৰ হাতত সদায় থাকে এই ব্ৰীফকেছটো। ক’লা ৰঙৰ এই ‘টপ ছিক্ৰেট’ ব্ৰীফকেছটোক বিশ্বৰ শক্তিশালী ব্ৰীফকেছ বুলি কোৱা হয়, যিয়ে মুহূৰ্তৰ ভিতৰতে সৃষ্টি কৰিব পাৰে ধ্বংসলীলাৰ।

কোৱা হয়, আমেৰিকাৰ ৰাষ্ট্ৰপতি য’লৈকে যায়, তেওঁৰ ওচৰত থাকে নিউক্লিয়াৰ কন্ট্র’ল কোড। উক্ত কোড থাকে সেই ব্ৰীফকেছটোত। সেইবাবে এই ব্ৰীফকেছটোক কোৱা হয় নিউক্লিয়াৰ ফুটবল। আমেৰিকাৰ পৰমাণু বোমাৰ কোডৰ উপৰি আক্ৰমণৰ সমগ্ৰ পৰিকল্পনা আৰু লক্ষ্যস্থানৰ তথ্য থাকে এই ব্ৰীফকেছটোত। এখন কিতাপৰ আকাৰত লিখা আছে এই সকলোবোৰ তথ্য।

এই ব্ৰীফকেছটোত থাকে এখন কাৰ্ড, য’ত পৰমাণু বোমা আক্ৰমণ নিশ্চিত কৰা কোড লিখা থাকে। ইয়াক নিউক্লিয়াৰ বিস্কুট বুলিও কোৱা হয়। এই কাৰ্ডত এলাৰ্ম লাগি থাকে। ইয়াৰ লগতে ব্ৰীফকেছৰ ভিতৰত থাকে এডাল এণ্টিনা যাৰ জৰিয়তে ৰাষ্ট্ৰপতিয়ে বিশ্বৰ যিকোনো স্থানৰ পৰা কথা পাতিব পাৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading