ফটোত এইসকল অতি দুৰ্ধৰ্ষ NSCN-Kৰ নেতা-কেডাৰ৷ এজনে থিয় হৈ কিবা কৈ গৈছে আৰু বাকীসকলে শুনি গৈছে৷ কাষত AK, HK ছিৰিজৰ উদ্যত ৰাইফল৷ এয়া ম্যানমাৰৰ গভীৰ অৰণ্যৰ মাজৰ দৃশ্য৷ থিয় হৈ বহি থকা কেডাৰসকলক কৈ থকাজন হৈছে কেপ্টেইন উজি ছুমি৷ য়ুং আং নেতৃত্বাধীন NSCN-Kৰ এজন দুৰ্ধৰ্ষ সামৰিক বিষয়া৷
NSCN-Kৰ এইজন কেপ্টেইনে তেওঁৰ অধীনস্থ কেডাৰসকলক লৈ এনেদৰে আচলতে এক প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছে৷ প্ৰকৃতাৰ্থত বিশ্বত্ৰাস কোৰোণা মহামাৰীৰ পৰা নগা ৰাইজ ৰক্ষা পৰাৰ বাবে অদৃশ্যজনৰ চৰণত এওঁলোকে কৰিছে প্ৰাৰ্থনা৷ কোৰোণা মহামাৰীৰ পৰা ৰক্ষা পাবলৈ কৰিছে প্ৰাৰ্থনা৷
![]()
সাম্প্ৰতিক সময়ত সকলো গিৰ্জা বন্ধ হৈ আছে৷ সেয়ে সকলো অপায়-অমংগলৰ পৰা জাতিক ৰক্ষা কৰাৰ বাবে ভগৱান যীশুৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰে এইসকল নেতা-কেডাৰে৷ কাষত বা সন্মুখত উদ্যত AK বা HK ছিৰিজৰ ৰাইফল লৈ ভগৱান যীশুৰ সন্মুখত প্ৰাৰ্থনা কৰাৰ ফটো সোমবাৰে সংগঠনটোৱে News18লৈ প্ৰেৰণ কৰে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|