• Home
  • »
  • News
  • »
  • world
  • »
  • কানাডাত শিখ নেতা ৰিপুদমন সিং মালিকক হত্যা, এয়াৰ ইণ্ডিয়াৰ বিমান বিস্ফোৰণত সাঙোৰ খাইছিল নাম

কানাডাত শিখ নেতা ৰিপুদমন সিং মালিকক হত্যা, এয়াৰ ইণ্ডিয়াৰ বিমান বিস্ফোৰণত সাঙোৰ খাইছিল নাম

কানাডাৰ বাসিন্দা শিখ নেতা ৰিপুদমন সিং মালিকক এই গোচৰত অভিযুক্ত কৰা হৈছিল। ঘটনাৰ ২০ বছৰ পিছত ২০০৫ চনত তেওঁক নিৰ্দোষী ঘোষণা কৰা হয়।

  • Share this:

কানাডাৰ ভেংকুভাৰত শিখ নেতা ৰিপুদমন সিং মালিকক গুলীয়াই হত্যা। এই ঘটনা বৃহস্পতিবাৰে নিশা সংঘটিত হয়। তেওঁক কিয় হত্যা কৰা হ’ল সেয়া জানিব পৰা হোৱা নাই। বাইকত অহা দুৰ্বৃত্তই আক্ৰমণ কৰে শিখ নেতাজনৰ ওপৰত। প্ৰমাণ নষ্ট কৰিবলৈ শিখ নেতাজনৰ গাড়ীখন জ্বলাই দিয়ে দুৰ্বৃত্তই।

ৰয়টাৰ্ছৰ ৰিপ’ৰ্ট মতে, আৰক্ষীয়ে কয় যে একেবাৰে ওচৰৰ পৰা গুলীচালনা কৰিছিল দুৰ্বৃত্তই। ঘটনাস্থলীতে মৃত্যু হৈছিল ৰিপুদমনৰ। উল্লেখযোগ্য যে ১৯৮৫ৰ এয়াৰ ইণ্ডিয়া বিমানৰ বিস্ফোৰণত ৰিপুদমনৰ নাম সাঙোৰ খাইছিল। কিন্তু পিছত ২০০৫ চনত তেওঁক দোষমুক্ত ঘোষণা কৰা হৈছিল।

এয়াৰ ইণ্ডিয়াৰ এখন বিমান ১৯৮৫ চনৰ ২২ জুনত কানাডাৰ পৰা দিল্লীলৈ ৰাওনা হৈছিল। আইৰিছ এয়াৰ স্পেচত বিমানখনত বিস্ফোৰণ সংঘটিত হয় আৰু বিমানত থকা ২২জন বিমানকৰ্মীসহ ৩৩১ যাত্ৰীৰ মৃত্যু হৈছিল। ইয়াৰ ভিতৰত অধিক সংখ্যক ভাৰতীয় মূলৰ কানাডাৰ নাগৰিক আছিল।

কানাডাৰ বাসিন্দা শিখ নেতা ৰিপুদমন সিং মালিকক এই গোচৰত অভিযুক্ত কৰা হৈছিল। ঘটনাৰ ২০ বছৰ পিছত ২০০৫ চনত তেওঁক নিৰ্দোষী ঘোষণা কৰা হয়।

Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি