NRC সম্পৰ্কত ভুল ব্যাখ্যা ৰাষ্ট্ৰসংঘত, মুছলমানক ভীতিগ্ৰস্ত কৰাৰ চক্ৰান্ত!

আন্তঃৰাষ্ট্ৰীয় স্তৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক মানৱতাবিৰোধী সজোৱাৰ চেষ্টা, আছুৰ প্ৰতিক্ৰিয়া

News18-Assam
Updated:July 8, 2019, 8:37 AM IST
NRC সম্পৰ্কত ভুল ব্যাখ্যা ৰাষ্ট্ৰসংঘত, মুছলমানক ভীতিগ্ৰস্ত কৰাৰ চক্ৰান্ত!
আন্তঃৰাষ্ট্ৰীয় স্তৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক মানৱতাবিৰোধী সজোৱাৰ চেষ্টা, আছুৰ প্ৰতিক্ৰিয়া
News18-Assam
Updated: July 8, 2019, 8:37 AM IST
দীৰ্ঘদিনীয়া যুঁজৰ অন্তত ৰাজ্যত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ এইবাৰ সৰব চৰ্চা চলিল ৰাষ্ট্ৰসংঘৰ মজিয়াত। উচ্চতম ন্যায়লয়ৰ তত্ত্বাৱধানত প্ৰস্তুত হৈ থকা এন আৰ চিক আন্তঃৰাষ্ট্ৰীয় স্তৰত মানৱতাবিৰোধী হিচাপে এতিয়া প্ৰতিষ্ঠা কৰিবলৈ এটা চক্ৰই দিনে নিশাই কাম কৰি থকাৰ অভিযোগ উঠিছে। এন আৰ চিক মানৱতা বিৰোধী, সংখ্যালঘূ বিৰোধী হিচাপে এতিয়া প্ৰতিপন্ন কৰাৰ চলিছে গভীৰ ষড়যন্ত্ৰ!

এচাম আৰ টি আই কৰ্মীয়ে বিজেপিৰ আমোলত ভাৰতবৰ্ষত মুছলমান নিৰাপদ নহয় বা প্ৰতিদিনে এন আৰ চিৰ নামত অসমত সংখ্যালঘূ সকলক শাৰীৰিক, মানসিক নিৰ্যাতন চলোৱা বুলি প্ৰশ্ন উত্থাপন কৰাৰ সময়তে এইবাৰ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগেও এক বিবৃতিৰ যোগে এন আৰ চিৰ প্ৰসংগত আশংকা ব্য়ক্ত কৰি উল্লেখ কৰে যে এন আৰ চিৰ বিষয়টোৱে অসমত জেন’ফবিয়া অৰ্থাৎ মুছলমান সংখ্যালঘূৰ প্ৰতি ভয় ভাবুকি আৰু ধৰ্মীয় অসহিষ্ণুতাৰ পৰিবেশ সৃষ্টি কৰিব পাৰে।উল্লেখযোগ্য যে দেশৰ হৰ্ষ মান্দাৰ নামৰ এগৰাকী আৰ টি আই কৰ্মীয়ে ধাৰাবাহিক ভাবে দেশে বিদেশে এন আৰ চিক লৈ ভূৱা বাৰ্তা প্ৰেৰণ কৰি থকা বুলি জানিব পৰা গৈছে।

ৰাষ্ট্ৰসংঘৰ এনে বাৰ্তাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।অসমত ‍অৱৈধ বাংলাদেশীক ৰক্ষণা–বেক্ষণ দিবলৈ ৰাজ্যৰ লগতে দেশ–বিদেশৰ বহু চক্ৰ সক্ৰিয় হৈ পৰিছে বুলি দাবী কৰে সদৌ অসম ছাত্ৰ সন্থাই।
আৰু চাওক পৰৱৰ্তী বাতৰি