IND vs NZ: অভিজ্ঞ এম এছ ধোনীৰ ওপৰতে এতিয়া নিৰ্ভৰ কৰিছে ভাৰতীয় দলৰ জয় পৰাজয়!

নিউজীলেণ্ডৰ দুৰ্দান্ত বলিঙৰ সন্মুখত সংগ্ৰাম অন্যাহত ৰাখিছে ঋষভ পণ্টে। ২০ অভাৰলৈকে ভাৰতে চাৰি উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে ৭০ ৰান।

news18assam
Updated:July 10, 2019, 5:18 PM IST
IND vs NZ: অভিজ্ঞ এম এছ ধোনীৰ ওপৰতে এতিয়া নিৰ্ভৰ কৰিছে ভাৰতীয় দলৰ জয় পৰাজয়!
নিউজীলেণ্ডৰ দুৰ্দান্ত বলিঙৰ সন্মুখত সংগ্ৰাম অন্যাহত ৰাখিছে ঋষভ পণ্টে। ২০ অভাৰলৈকে ভাৰতে চাৰি উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে ৭০ ৰান।
news18assam
Updated: July 10, 2019, 5:18 PM IST
চলি আছে ভাৰত আৰু নিউজীলেণ্ডৰ মাজত বিশ্বকাপৰ ছেমি ফাইনেল। মঙলবাৰে বৰষুণৰ বাবে ভাৰত আৰু নিউজীলেণ্ডৰ মাজত বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেল আধাতে সামৰিব লগীয়া হোৱাৰ পিছত বুধবাৰে ৪৬ অভাৰৰ পৰা আৰম্ভ কৰা খেলখনত নিউজীলেণ্ডে মুঠ আঠটা উইকেট হেৰুৱাই ২৩৯ ৰান সংগ্ৰহ কৰে। তাৰ প্ৰত্যুত্তৰত ভাৰতে এতিয়া ইনিংছ আৰম্ভ কৰিয়েই খাইছে উজুটি। প্ৰথম দহ অভাৰৰৰ ভিতৰতে  ৰোহিত শৰ্মা, বিৰাট কোহলী, কে এল ৰাহুল আৰু দিনেশ কাৰ্তিকৰ উইকেট হেৰুওৱাৰ পিছত এতিয়া ক্ৰীজত নিউজীলেণ্ডৰ বিধ্বংসী বলিঙৰ সন্মুখত সংগ্ৰাম অব্যাহত ৰাখিছে ঋষভ পণ্ট আৰু হাৰ্ডিক পাণ্ডিয়াই।

এতিয়াও ভাৰতীয় দৰ্শকে আশা কৰিছে মেচখনত শেষত ভাৰতেই মাৰিব শেষ হাঁহি কাৰণ এতিয়াও বেটিং কৰিবলৈ বাকী আছে অভিজ্ঞ মহেন্দ্ৰ সিং ধোনী! আজিৰ খেল খনত এতিয়া ধোনীৰ ওপৰতে নিৰ্ভৰ কৰিছে ভাৰতৰ জয় পৰাজয়। সেইদৰে আজি ধোনীয়েও নিজক আৰু এবাৰ প্ৰমাণ কৰাৰ সুযোগ পাব। সেইদৰে সুযোগ পাব, বিশ্বকাপত ধাৰাবাহিক মন্থৰ গতিত বেটিং কৰি সকলোৰে সমালোচনাৰ সন্মুখীন হোৱা ধোনীয়ে সেই অভিযোগ ভূল প্ৰমাণিত কৰাৰ।

সমগ্ৰ দেশবাসীৰে আশা ভাৰতে দখল কৰক বিশ্বকাপৰ খিতাপ
আৰু চাওক পৰৱৰ্তী বাতৰি