শনিবাৰে নোভাক জকোভিচ (Novak Djokovic)ক অষ্ট্ৰেলিয়াত পুনৰ আটক কৰা হয়। কৰ্তৃপক্ষই দ্বিতীয়বাৰৰ বাবে তেওঁৰ ভিছা অস্বীকাৰ কৰে আৰু কোৰোণা টিকাকৰণ (Corona Vaccine) নকৰা টেনিছ ছুপাৰষ্টাৰজনক ৰাইজৰ বাবে ভাবুকি বুলি ঘোষণা কৰে। আদালতৰ দস্তাবেজসমূহৰ পৰা এইটো প্ৰতিয়মান হৈছে যে ৩৪ বছৰীয়া ছাৰ্বিয়ান খেলুৱৈজনক মেলবৰ্ণৰ এটা ঠিকনাত আটক কৰা হৈছে। বৰ্তমান নিৰ্বাসনৰ বিৰুদ্ধে জকোভিচৰ আবেদনৰ শুনানি হৈ আছে।
অষ্ট্ৰেলিয়ান অপেন (Australian Open)ৰ মাত্ৰ ২ দিন পূৰ্বে বিশ্বৰ এক নম্বৰ টেনিছ খেলুৱৈগৰাকী টেনিছ কোৰ্টৰ পৰিৱৰ্তে পুনৰ আইনৰ কোৰ্টত সোমাই পৰিছে। জোকোভিচে কোভিড ভেকচিন (Covid-19 vaccine) নোলোৱা প্ৰসংগক লৈ এই হাই প্ৰফাইল বিবাদৰ সূত্ৰপাত হৈছে।
ইমিগ্ৰেচন মন্ত্ৰী এলেক্স হকে এতিয়া দাবী কৰিছে যে দেশখনত জকোভিচৰ নিৰন্তৰ উপস্থিতিয়ে "টিকাকৰণ বিৰোধী ভাৱনা বৃদ্ধি" কৰিব পাৰে আৰু আনকি "নাগৰিকৰ মাজত অস্থিৰতা বৃদ্ধি" কৰিব পাৰে।
শনিবাৰ আৰু দেওবাৰে ফেডাৰেল আদালতৰ জৰুৰীকালীন শুনানিৰ আগতে জকোভিচক মেলবৰ্ণত ইমিগ্ৰেচন বিষয়াসকলৰ সন্মুখত হাজিৰ হ'বলৈ মাতা হৈছিল। তেওঁক তেওঁৰ উকীলৰ কাৰ্যালয়ৰ পৰা আদালতৰ প্ৰক্ৰিয়া অনুসৰণ কৰিবলৈ অনুমতি দিয়া হৈছে। এই সময়ত অষ্ট্ৰেলিয়াৰ সীমান্ত বাহিনীৰ দুজন বিষয়া জকোভিচৰ নিৰাপত্তাত থাকিব।
উল্লেখ্য বিশ্বৰ এক নম্বৰ খেলুৱৈগৰাকী যি ২১ টা গ্ৰেণ্ডশ্লেম খিতাপৰ অধিকাৰী তেওঁএতিয়ালৈ মহামাৰী কোৰোণাৰ ভেকচিন গ্ৰহণ কৰা নাই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|