‘নাথিং কেন ষ্টপ আচ’- গুলীবিদ্ধ হৈ মৃত্যু হোৱাৰ আগমুহূৰ্তত শেষ টুইট ট্ৰাম্পৰ উগ্ৰ সমৰ্থকৰ

News18 Assam | News18-Assam
Updated:January 7, 2021, 3:16 PM IST
‘নাথিং কেন ষ্টপ আচ’- গুলীবিদ্ধ হৈ মৃত্যু হোৱাৰ আগমুহূৰ্তত শেষ টুইট ট্ৰাম্পৰ উগ্ৰ সমৰ্থকৰ
আমেৰিকাৰ বিমান বাহিনীৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত আছিল আশ্যলী।

আমেৰিকাৰ বিমান বাহিনীৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত আছিল আশ্যলী।

  • Share this:
ৱাশ্বিংটন ডিচি স্থিত কেপিটল হিলত ট্ৰাম্পৰ সমৰ্থকে হিংসাত্মক কাৰ্য সংঘটিত কৰা ঘটনাত আৰক্ষীৰ গুলীত মৃত্যু হৈছে আশ্যলী ব্যেবিটৰ। আমেৰিকাৰ বিদায়ী ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ উগ্ৰ সমৰ্থক আছিল আশ্যলী। বৃহস্পতিবাৰে মৃত্যুৰ কেইঘণ্টা মানৰ পূৰ্বে তেওঁ টুইটাৰত লিখিছিল- ‘আমাক কোনেও ৰখাব নোৱাৰে। কেৱল চেষ্টাৰ পিছত চেষ্টা কৰি যাব। কিন্তু এতিয়া তীব্ৰতৰ হ’ব।’

আমেৰিকাৰ বিমান বাহিনীৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত আছিল আশ্যলী। আৰক্ষীৰ গুলীত তেওঁৰ মৃত্যু হোৱাৰ খবৰ এতিয়া পোহৰলৈ আহিছে। আশ্যলী চান ডিয়োগেই ৱাশ্বিংটনলৈ ট্ৰাম্পৰ সমৰ্থনত শ্লোগান দিবলৈ গৈছিল। আৰক্ষীৰ গুলীত আশ্যলীৰ মৃত্যু নিশ্চিত কৰিলেও তেওঁক চিনাক্ত কৰিব পৰা নাই।

আৰক্ষীয়ে জনাইছে যে, কি পৰিস্থিতিত আশ্যলীৰ ওপৰত গুলী চলোৱা হৈছিল। বিষয়টো তদন্ত কৰি দেখা গৈছে যে, কেপিটল ভৱনৰ ভিতৰত বিশৃংখল আৰু হিংসাত্মক পৰিস্থিতিৰ মাজতে নিৰাপত্তাৰক্ষীয়ে গুলী চলাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল।

উল্লেখ্য যে, বুধবাৰে ৱাশ্বিংটন ডিচিস্থিত কেপিটল হিলত ট্ৰাম্পৰ উগ্ৰ সমৰ্থক হিংসুক হৈ পৰে। সংসদত লণ্ড ভণ্ড কৰি ব্যাপক হিংসা বিয়পায়। এই ভয়াৱহ সমৰ্থকৰ উগ্ৰ ৰূপ দমন কৰিবলৈ যোৱা আৰক্ষীৰ সৈতেও হতাহতি হয়। মাজতে গুলীত এগৰাকী মহিলাৰ মৃত্যু হয়। আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা যথেষ্ট পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ কৰে। সেনাৰ বিশেষ ইউনিটে বিক্ষোভকাৰীসকলক খেদে। আজি সন্ধিয়া ৬বজালৈকে ৱাশ্বিংটন ডিচিত কাৰ্ফিউ দিয়া হৈছে।
Published by: Himangshu Bhuyan
First published: January 7, 2021, 3:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি