কিমৰ দেউতাক জং-ইলেৰ নামেৰে এই ফুলৰ নামাকৰণ কৰা হৈছিল। নাম- কিমজংগিলিয়াছ।
কিমৰ দেউতাক জং-ইলেৰ নামেৰে এই ফুলৰ নামাকৰণ কৰা হৈছিল। নাম- কিমজংগিলিয়াছ।
কিম জঙে সিদ্ধান্ত লৈছিল যে, ১৬ ফেব্ৰুৱাৰীত দেউতাকৰ জন্মদিৱসৰ দিনা বিশেষ ফুল উপহাৰ হিচাপে দিব। কিন্তু কিম জঙৰ সেই আশাত চেচা পানী ঢালি দিলে ফুলৰ মালিয়ে। আৰু লগে লগে ফুলৰ মালিক উচিত শিক্ষা দিলে উত্তৰ কোৰিয়াৰ প্ৰশাসক কিম জং উনে।
ফুলনৰ নাম কিমজংগিলিয়াছ। কিমৰ দেউতাক জং-ইলেৰ নামেৰে এই ফুলৰ নামাকৰণ কৰা হৈছে। বিশেষ প্ৰজাতিৰ এই ফুলৰ বাবে উপযুক্ত প্ৰতিপালনৰ প্ৰয়োজন। গ্ৰীণ হাউচত সেই উপযুক্ত পৰিৱেশ তৈয়াৰ কৰি এই ফুলৰ খেতি কৰা হৈছিল উত্তৰ কোৰিয়াত।
ডেইলী এনকেৰ প্ৰতিবেদন অনুসৰি, ১৬ ফেব্ৰুৱাৰীত কিমৰ দেউতাকৰ জন্ম দিৱস। কিমজংগিলিয়াছ ফুলেৰে দেউতাকৰ মূৰ্তি আৰু ফটোত শ্ৰদ্ধাঞ্জলি জনোৱাৰ কথা। গতিকে মাতি পঠিয়াই গ্ৰীণ হাউচৰ মেনেজাৰ হানেক। তেওঁ হাজিৰ হ'ল ঠিকেই, কিন্তু ফুল লৈ হাজিৰ হ'ব নোৱাৰিলে। কাৰণ সেইসময়ত গছত নালাগিল ফুল। দেউতাকৰ নামেৰে নামাকৰণ কৰা ফুল হাতত নাপাই, খঙত অগ্নি শৰ্মা হৈ পৰে কিম। আৰু লগে লগে হানেৰ লগতে প্ৰতিষ্ঠানৰ কৰ্মচাৰীক ছমাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|