উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ হাৰ্ট ছাৰ্জাৰী অসফল, অৱস্থা অতি সংকটজনক!

News18 Assam | News18-Assam
Updated:April 21, 2020, 12:24 PM IST
উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ হাৰ্ট ছাৰ্জাৰী অসফল, অৱস্থা অতি সংকটজনক!
উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উন মৰিল নে জীয়াই আছে? এই বিষয়ক লৈ এতিয়া সমগ্ৰ বিশ্বত সৰৱ চৰ্চা। এটা অপাৰেশ্যনৰ পিছত কিমৰ শাৰিৰীক অৱস্থা সংকটজনক হৈ পৰাৰ কথা কিছুদিন আগতে উল্লেখ কৰিছিল আমেৰিকান সংবাদ প্ৰতিষ্ঠানে। হংকং টিভিত এতিয়াও দাবী কৰা হয় কিম জং উনৰ মৃত্যু হৈছে। ইয়াৰ মাজতে দক্ষিণ কোৰিয়াৰ প্ৰেচিডেণ্ট মুন জয় ইনৰ শীৰ্ষ নিৰাপত্তা উপদেষ্টা মুন চুং ইনে CNN-ক এক সাক্ষাত্‍কাৰত কৈছে, 'কিম জং উন বাচি আছে আৰু ভালেই আছে।'

CNNৰ খবৰ অনুসৰি, ইয়াৰ মাত্ৰ চাৰিদিন পূৰ্বে কিম জং উনক এখন সভাত দেখা গৈছিল আৰু তেওঁ দেশৰ মুখ্য কেবিনেটত কেইবাটাও ডাঙৰ সালসলনিও ঘটাইছিল।

  • Share this:
উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক। আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ মতে, কিম জং উনৰ শেহতীয়াকৈ হোৱা হাৰ্ট ছাৰ্জাৰী অসফল হৈছে। বৰ্তমান কিম জং উনৰ অৱস্থা সংকটজনক।

কিম জং উনে শেহতীয়াকৈ দেশৰ নেচনেল হলীডে’ৰ কাৰ্যসূচীত অংশগ্ৰহণৰ পৰা বিৰত আছিল, তাৰ পিছতে তেওঁৰ অসুস্থাক লৈ চৰ্চা চলিছিল। উল্লেখযোগ্য যে ১৫ এপ্ৰিলৰ দিনটো উত্তৰ কোৰিয়াত নেচনেল হলিডে’ হিচাপে পালন কৰা হয়।

CNNৰ খবৰ অনুসৰি, ইয়াৰ মাত্ৰ চাৰিদিন পূৰ্বে কিম জং উনক এখন সভাত দেখা গৈছিল আৰু তেওঁ দেশৰ মুখ্য কেবিনেটত কেইবাটাও ডাঙৰ সালসলনিও ঘটাইছিল। কিন্তু নেচনেল হলিডে’ৰ কাৰ্যসূচীত তেওঁ উপস্থিত নাথাকিল। ২০১১ চনত শাসনলৈ অহাৰ পিছৰে পৰা কিম জং উনে নেচনেল হলিডে’ৰ কাৰ্যসূচীত উপস্থিত নথকাকৈ থকা নাই।

নৰ্থ কোৰিয়াৰ নেতা কিম জং উনৰ ষ্টেট মিডিয়াৰ চেনেল আৰু চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কমকৈ কৰালৈ লক্ষ্য কৰি পূৰ্বেই অনুমান কৰা হৈছিল যে তেওঁ দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি আছে আৰু এই কথা চৰকাৰে প্ৰকাশ কৰিব বিচৰা নাই। অৱশ্যে নৰ্থ কোৰিয়াই এনেধৰণৰ দাবীক বাৰম্বাৰ মিছা আখ্যা দি আহিছে।

ইয়াৰ পূৰ্বে তেওঁৰ পিতৃৰ ক্ষেত্ৰতো একেই দেখা গৈছিল। ২০০৮ চনত কিম জং ইলেও নেচনেল হলীডে’ত অংশ লোৱা নাছিল। পিছত কোৱা হৈছিল যে তেওঁৰ হৃদৰোগত আক্ৰান্ত হৈছে। তাৰ পিছৰে পৰা অসুস্থতাত ভুগি ২০১১ চনত তেওঁৰ মৃত্যু হৈছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading