কিম জং উন শাসিত দেশ উত্তৰ কোৰিয়াই আন এক পদক্ষেপে ইয়াৰ বৈৰী দেশসমূহক চিন্তিত কৰি তুলিছে। দেশখনে বুধবাৰে এযোৰ কৌশলগত দীৰ্ঘ দূৰত্বৰ ক্ৰুজ মিছাইল পৰীক্ষা কৰিছিল। কোৰিয়ান চেণ্ট্ৰেল নিউজ এজেন্সিৰ দ্বাৰা এই তথ্য নিশ্চিত কৰা হৈছিল।
উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতা কিম জন উনে পৰীক্ষামূলক উৎক্ষেপণস্থলীত তদাৰক কৰিছিল। দেশখনৰ সংবাদ মাধ্যমৰ মতে, এই মিছাইলবোৰে সাগৰৰ ওপৰেৰে ২,০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল। উল্লেখ্য যে, উৎক্ষেপণৰ পিছত কিমে সন্তুষ্টি প্ৰকাশ কৰিছিল।
এমাহৰ ভিতৰত পিয়ংইয়ংৰ দ্বাৰা নৱম মিছাইল উৎক্ষেপণৰ খবৰ পোৱা গৈছে। এই মিছাইলবোৰ "কৌশলগত পাৰমাণৱিক অস্ত্ৰৰ চলাবলৈ উত্তৰ কোৰিয়াৰ সেনাৰ গোটত নিয়োজিত মিছাইলবোৰৰ যুঁজদক্ষতা বৃদ্ধি কৰাৰ বাবে প্ৰস্তুত কৰা হৈছিল।" কোৰিয়ান চেণ্ট্ৰেল নিউজ এজেন্সিয়ে কয়।
উল্লেখযোগ্য যে, বিগত সপ্তাহত পিয়ংইয়ঙে সাগৰত দুটা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছিল যিটো সাগৰত জাপানৰ একচেটিয়া অৰ্থনৈতিক ক্ষেত্ৰৰ বাহিৰত পৰিছিল। এই সপ্তাহৰ আৰম্ভণিতে, উত্তৰ কোৰিয়াই কৈছিল যে মিছাইলবোৰ চিউলত আঘাত কৰাৰ অনুকৰণ কৰিবলৈ কৌশলগত পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিয়াৰ বাবে প্ৰস্তুত কৰা হৈছিল।
আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ কোৰিয়া আৰু জাপানৰ সামৰিক কুচকাৱাজৰ মাজত উত্তৰ কোৰিয়াই ইয়াৰ মিছাইল কাৰ্যসূচী বৃদ্ধি কৰিছে। ৪ অক্টোবৰত উত্তৰ কোৰিয়াই পাঁচ বছৰৰ পিছত জাপানৰ ওপৰেৰে পাৰমাণৱিক সক্ষম বেলিষ্টিক মিছাইল পৰীক্ষা কৰে। উন্নয়নৰ পিছত বৃহস্পতিবাৰে পিয়ংইয়ংয়ে টকিঅ'ৰ দিশত ইয়াৰ পূব উপকূলৰ ফালে দুটা মিছাইল উৎক্ষেপণ কৰিছিল।
মন কৰিবলগীয়া যে, যোৱা সপ্তাহত জাপানৰ ওপৰত উত্তৰ কোৰিয়াৰ মিছাইল উৎক্ষেপণক লৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক অনুষ্ঠিত হৈছিল। ৱাশ্বিংটন আৰু চিওলেও পিয়ংইয়ঙৰ দ্বাৰা উৎক্ষেপণ কৰা শেহতীয়া মিছাইলক গৰিহণা দিছিল। শেহতীয়াকৈ, আমেৰিকাই লগতে সতৰ্ক কৰি দিছিল যে উত্তৰ কোৰিয়াই পাৰমাণৱিক পৰীক্ষা কৰিব পাৰে। আমেৰিকাই উত্তৰ কোৰিয়াৰ নেতাজনক তেওঁৰ পাৰমাণৱিক অস্ত্ৰ আৰু বেলিষ্টিক মিছাইল কাৰ্যসূচীত সমৰ্থন কৰাৰ বাবে ৰাছিয়া আৰু চীনক দোষাৰোপ কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|