হঠাতে জাপানৰ ওপৰেৰে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিলে উত্তৰ কোৰিয়াই। পাঁচ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে কিম জং উনৰ দেশখনে জাপানৰ ভূখণ্ডৰ ওপৰেৰে বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে। মঙলবাৰে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ পিছত জাপানে নিজৰ নাগৰিকসকলক সতৰ্কবাণী জাৰি কৰে। তেওঁলোকক নিৰাপদ আশ্ৰয়লৈ যাবলৈ পৰামৰ্শ দিয়া হৈছে।
সংবাদ সংস্থা এ এন আইৰ মতে, ক্ষেপণাস্ত্ৰ উৎক্ষেপণৰ বাবে হোকাইডো আৰু আওমোৰি অঞ্চলৰ বাসিন্দাসকলক ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ পিছত কি ক্ষয়-ক্ষতি হৈছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
এখন সংবাদমেলত জাপানৰ মুখ্য কেবিনেট সচিব হিৰোকাজু মাটছুনোৱে কয় যে ক্ষেপণাস্ত্ৰটো উত্তৰ-পূব জাপান পাৰ হৈ স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৭:৪৪ বজাত প্ৰশান্ত মহাসাগৰত পৰে। উত্তৰ কোৰিয়াই মধ্যম দূৰত্বৰ বেলিষ্টিক মিছাইল নিক্ষেপ কৰা বুলি দক্ষিণ কোৰিয়াই প্ৰকাশ কৰিছে।
সংবাদ সংস্থা ৰয়টাৰ্ছৰ মতে, উত্তৰ জাপানত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ বাবে ৰে’লসমূহ সাময়িকভাৱে স্থগিত ৰখা হৈছে। ২০১৭ চনৰ পিছত উত্তৰ কোৰিয়াই প্ৰথমবাৰৰ বাবে জাপানৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাই এই ঘটনাক গৰিহণা দিছে। তেওঁ উত্তৰ কোৰিয়াৰ এনে আচৰণক “আক্ৰমণাত্মক” বুলি অভিহিত কৰে। জাপান চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ এখন বৈঠক আহ্বান কৰিছে।
উল্লেখ্য, উত্তৰ কোৰিয়াই শেহতীয়াকৈ আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ যৌথ নৌসেনাৰ অনুশীলনৰ প্ৰতিবাদতে এনে কৰাৰ সন্দেহ কৰা হৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|