உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • এমাহতে চাৰি বেলিষ্টিক মিছাইল নিক্ষেপ উত্তৰ কোৰিয়াৰ, জাপানসহ দক্ষিণ কোৰিয়াত উদ্বিগ্নতা

    এমাহতে চাৰি বেলিষ্টিক মিছাইল নিক্ষেপ উত্তৰ কোৰিয়াৰ, জাপানসহ দক্ষিণ কোৰিয়াত উদ্বিগ্নতা

    North Korea Ballistic Missiles Test: মিছাইলবোৰে কিমান দূৰলৈ লক্ষ্যভেদ কৰিছে তাক লৈ নিশ্চিত তথ্য নাই যদিও জাপান চৰকাৰেও এই পৰীক্ষাক লৈ প্ৰতিবেদন দিছে।

    North Korea Ballistic Missiles Test: মিছাইলবোৰে কিমান দূৰলৈ লক্ষ্যভেদ কৰিছে তাক লৈ নিশ্চিত তথ্য নাই যদিও জাপান চৰকাৰেও এই পৰীক্ষাক লৈ প্ৰতিবেদন দিছে।

    North Korea Ballistic Missiles Test: মিছাইলবোৰে কিমান দূৰলৈ লক্ষ্যভেদ কৰিছে তাক লৈ নিশ্চিত তথ্য নাই যদিও জাপান চৰকাৰেও এই পৰীক্ষাক লৈ প্ৰতিবেদন দিছে।

    • Share this:
    উত্তৰ কোৰিয়াই (North Korea) এমাহত চতুৰ্থবাৰৰ বাবে সাগৰত দুটা কম দূৰত্বৰ বেলিষ্টিক মিছাইল (Ballistic Missiles) নিক্ষেপ কৰিছে। দক্ষিণ কোৰিয়া (South Korea) সেনাৰ ফালৰ পৰা এই খবৰ ৰাজহুৱা কৰে। উত্তৰ কোৰিয়াই ইয়াৰ পূৰ্বে একেৰাহে দুটা মিছাইল পৰীক্ষা কৰাৰ পিছতে আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।

    একনায়ক কিম জং উনে এয়া "উচটনিমূলক" কাৰ্য বুলি উল্লেখ কৰি সঁহাৰি ৰূপে পুনৰ এবাৰ মিছাইল পৰীক্ষা বুলি বৰ্ণনা কৰিছিল। এতিয়া পুনৰ সোমবাৰে পোৱা খবৰ অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নতুন নিষেধাজ্ঞাৰ পিছত দ্বিতীয়বাৰৰ বাবে মিছাইল পৰীক্ষা কৰে। উত্তৰ কোৰিয়াই বছৰটোৰ আৰম্ভণিৰ পৰা চাৰিটা মিছাইল পৰীক্ষা কৰে এইদৰে। এই মিছাইল উত্তৰ কোৰিয়াই ৰাজধানী পিয়ংইয়ঙৰ চুনান বিমানবন্দৰৰ পৰা পৰীক্ষা কৰে।

    মিছাইলবোৰে কিমান দূৰলৈ লক্ষ্যভেদ কৰিছে তাক লৈ নিশ্চিত তথ্য নাই যদিও জাপান চৰকাৰেও এই পৰীক্ষাক লৈ প্ৰতিবেদন দিছে। জাপানে ইয়াক অঞ্চলটোৰ শান্তি আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি হিচাপে গৰিহণা দিয়ে। জাপানৰ উপকূলৰক্ষী বাহিনীয়ে জাপানৰ জলসীমাত জাহাজৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। যোৱা সপ্তাহতে উত্তৰ কোৰিয়াই এটা হাইপাৰচনিক মিছাইল পৰীক্ষা কৰিছিল, ইয়াকে লৈ কিম জং উনে প্ৰশংসা কৰিছিল। ইয়াৰ পূৰ্বে শুকুৰবাৰে ৰে'লৰ পৰা দুটা মিছাইল নিক্ষেপ কৰা হৈছিল। উল্লেখ্য, পাৰমাণৱিক অস্ত্ৰৰে সজ্জিত উত্তৰ কোৰিয়াক ৰাষ্ট্ৰসংঘয়ো নিষিদ্ধ কৰি থৈছে।
    Published by:Gautam Barman
    First published: