‘১৯৭১ চনৰ পিছত ভাৰতলৈ অহা নাই এজনো বাংলাদেশী’

NRC সম্পূৰ্ণ ভাৰতৰ আভ্যন্তৰীণ বিষয়। গতিকে এই বিষয়ত বাংলাদেশে হস্তক্ষেপ কৰাৰ প্ৰশ্নই নুঠে

News18-Assam
Updated:September 2, 2019, 4:18 PM IST
‘১৯৭১ চনৰ পিছত ভাৰতলৈ অহা নাই এজনো বাংলাদেশী’
Source-Google
News18-Assam
Updated: September 2, 2019, 4:18 PM IST
প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। এতিয়া প্ৰশ্ন উঠিছে , চিনাক্ত হোৱা বাংলাদেশীক দেশখনৰ চৰকাৰে গ্ৰহণ কৰিব নে? NRC প্ৰকাশ পোৱাৰ পিছত এতিয়া বহুতে এই প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে!

কিন্তু সেই সময়তে বাংলাদেশৰ  গৃহ মন্ত্ৰী আছাদুজ্জামান খানৰ এটা বিশেষ মন্তব্যই এতিয়া  বিশেষ তাৎপৰ্য বহন কৰিছে। বাংলাদেশৰ  গৃহ মন্ত্ৰীৰ মতে  ১৯৭১ চনৰ পিছত ভাৰতত প্ৰৱেশ কৰা নাই  কোনো বাংলাদেশীয়ে।



ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পূৰ্ণ ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি উল্লেখ কৰাৰ লগতে এই ক্ষেত্ৰত বাংলাদেশ চৰকাৰে কোনো ধৰণৰ মন্তব্য দিব নিবিচাৰে বুলিও উল্লেখ  কৰে দেশ খনৰ গৃহ মন্ত্ৰীগৰাকীয়ে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি