নিউয়ৰ্কৰ ‘মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্ট’ বৰ্ডৰ প্ৰথম ভাৰতীয় ট্ৰাষ্টি নীতা আম্বানী

News18-Assam
Updated:November 13, 2019, 2:31 PM IST
নিউয়ৰ্কৰ ‘মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্ট’ বৰ্ডৰ প্ৰথম ভাৰতীয় ট্ৰাষ্টি নীতা আম্বানী
মিউজিয়ামটোৰ ডেৰশ বছৰীয়া ইতিহাসত ইয়াৰ আগতে কোনো ভাৰতীয়ই লাভ কৰা নাছিল এই সন্মান

মিউজিয়ামটোৰ ডেৰশ বছৰীয়া ইতিহাসত ইয়াৰ আগতে কোনো ভাৰতীয়ই লাভ কৰা নাছিল এই সন্মান

  • Share this:
মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্টৰ ট্ৰাষ্টি নিৰ্বাচিত হ’ল শিক্ষাবিদ, সমাজকৰ্মী তথা ৰিলায়েঞ্চ ফাউণ্ডেচনৰ অধ্যক্ষ নীতা আম্বানী। নিউয়ৰ্কৰ ঐতিহ্যমণ্ডিত মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্টৰ সদস্য হিচাপে নিৰ্বাচিত হোৱা নীতা আম্বানীয়েই হ’ল প্ৰথমগৰাকী ভাৰতীয়। যোৱা ১২ নবেম্বৰত ব’ৰ্ডৰ এখন বৈঠকত ৰিলায়েঞ্চ ফাউণ্ডেচনৰ অধ্যক্ষাগৰাকীক ট্ৰাষ্টি নিৰ্বাচিত কৰে মিউডিয়ামৰ ট্ৰাষ্টি ব’ৰ্ডে।



মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্টৰ তৰফৰ পৰা কোৱা হৈছে যে, ভাৰতৰ সংস্কৃতি, শিল্পক বিশ্বৰ দৰবাৰত দাঙি ধৰাৰ লগতে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত নীতা আম্বানীৰ আছে অনবদ্য অৱদান।

নীতা আম্বানীয়ে কয় যে, ‘এই সন্মান মোৰ বাবে অত্যন্ত ডাঙৰ কথা। মেট্ৰ’পলিটান মিউজিয়ামত ভাৰতীয় সংস্কৃতি আৰু কলাৰ প্ৰদৰ্শন আৰু সংৰক্ষণৰ বাবে আমি বিগত বহু বছৰ ধৰি কাম কৰি আছো। বিশ্বৰ দৰবাৰত ভাৰতৰ সংস্কৃতি তুলি ধৰাত মেট্ৰ’পলিটান মিউজিয়ামে যথেষ্ট উদ্যোগ লৈছে। ভাৰতৰ ঐতিহ্যৰ প্ৰতিনিধি হিচাপে মিউজিয়ামৰ ট্ৰাষ্টি নিৰ্বাচিত হৈ মই আপ্লুত, গৰ্বিত’।
আৰু চাওক
পৰৱৰ্তী বাতৰি