ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰখনৰ প্ৰচাৰ আৰু প্ৰসাৰত আছে নীতা আম্বানীৰ গুৰুত্বপূৰ্ণ ভুমিকা
ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰখনৰ প্ৰচাৰ আৰু প্ৰসাৰত আছে নীতা আম্বানীৰ গুৰুত্বপূৰ্ণ ভুমিকা
ইংলেণ্ডত ৰিলায়েঞ্চ ফাউণ্ডেচনৰ অধ্যক্ষা নীতা আম্বানী। বিজনেচ অৱ ষ্পৰ্টচ অনুষ্ঠানত ভাগ লৈছে অধ্যক্ষা গৰাকীয়ে। এই অনুষ্ঠানত পৰিবেশন হৈছে এখন চুটি ছবি। ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰখনৰ প্ৰচাৰ আৰু প্ৰসাৰত আছে নীতা আম্বানীৰ গুৰুত্বপূৰ্ণ ভুমিকা। আজি লণ্ডনত ভাৰতীয় ক্ৰীড়াৰ বিষয়ে লণ্ডনত অনুষ্ঠিত হোৱা বিজনেচ অৱ ষ্পৰ্টচ অনুষ্ঠানত ভাষণ প্ৰদান কৰিব নীতা আম্বানীয়ে। NBA ৰ সৈতো যুটীয়া ভাবে Reliance Foundation এ আয়োজন কৰিছে Junior NBA Programme শীৰ্ষক অনুষ্ঠান।
নীতা আম্বানী আৰু NBA ৰ বিষয়ে কিছু তথ্য
২০১৭ বৰ্ষত নীতা আম্বানীয়ে ‘Rashtriya Khel Protsahan’ সন্মান লাভ কৰে। সেইদৰে নীতা আম্বানী হ’ল ৰিলায়েঞ্চ ফাউণ্ডেচনৰ অধ্যক্ষা।
ভাৰতীয় ক্ৰীড়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আছে নীতা আম্বানীৰ গুৰুত্বপূৰ্ণ অৱদান।
Reliance Foundationৰ জুনিয়ৰ NBA programme হ’ল বিশ্বৰ সৰ্ববৃহৎ জুনিয়ৰ NBA programme।
Reliance Foundationৰ জুনিয়ৰ NBA programme এ ইতিমধ্যে ২০ খন ৰাজ্যৰ প্ৰায় ৩৪ খন নগৰৰ ১১ মিলিয়ন শিশুক সামৰি লৈছে।
২০১৬ চনত নীতা আম্বানী আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীলৈ নিৰ্বাচিত হয়।
নীতা আম্বানী ভাৰতীয় চুপাৰ লীগৰ চেয়াৰ পাৰ্চন।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ মুম্বাই ইণ্ডিয়ানছৰো স্বত্বাধিকাৰী হ’ল নীতা আম্বানী।
মুম্বাই ইণ্ডিয়ানছে ইতিমধ্যে ৪ বাৰ আই পি এলৰ খিতাপ দখল কৰিছে।
২০১৯ আগষ্ট, ক্ৰীড়া দিৱসৰ দিনা, নীতা আম্বানীক ভাৰতীয় ক্ৰীড়াৰ ক্ষেত্ৰত লোৱা উদ্যোগৰ বাবে বিশেষ ভাবে ধন্যবাদ জনোৱা হয়।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|