বিয়া খাবলৈ গৈ থকাৰ সময়তে এটা পৰিয়ালৰে ৯জনক নৃশংসভাৱে হত্যা

দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা কৰে আন ৮টি শিশুৱে। ইয়াৰ ভিতৰত ৬টি শিশু আহত হয়।

News18-Assam
Updated:November 6, 2019, 9:52 AM IST
বিয়া খাবলৈ গৈ থকাৰ সময়তে এটা পৰিয়ালৰে ৯জনক নৃশংসভাৱে হত্যা
দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা কৰে আন ৮টি শিশুৱে। ইয়াৰ ভিতৰত ৬টি শিশু আহত হয়।
News18-Assam
Updated: November 6, 2019, 9:52 AM IST
উত্তৰ মেক্সিকোত এটা পৰিয়ালৰে ৯ সদস্যক হত্যা দুৰ্বৃত্তৰ। মৃতসকলৰ ভিতৰত ৩গৰাকী মহিলা আৰু ৬টি শিশু। সোমবাৰে সংঘটিত হয় এই নৃশংস ঘটনা। তিনিখনকৈ বাহনত আক্ৰমণ চলায় দুৰ্বৃত্তৰ দলে। মৰমন সম্প্ৰদায়ৰ পৰিয়ালটোৰ আছিল আমেৰিকা আৰু মেক্সিকোৰ নাগৰিকত্ব।

তথ্য অনুসৰি, বন্দুকধাৰী দুৰ্বৃত্তই এখন গাড়ীত মাতৃৰ লগতে চাৰি সন্তানক হত্যা কৰে। ইয়াৰ ভিতৰত ৮ মাহ বয়সৰ এহাল যমজ সন্তানো আছিল। হত্যা কৰা পিছতে গাড়ীখন জ্বলাই দিয়ে দুৰ্বৃত্তই।

সেই স্থানৰ পৰা কিছু নিলগতে আন দুখন বাহনত আক্ৰমণ চলায় দুৰ্বৃত্তই। য’ত দুগৰাকী মহিলাৰ লগতে দুটি শিশুৰ মৃত্যু হয়। আনহাতে, দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা কৰে আন ৮টি শিশুৱে। ইয়াৰ ভিতৰত ৬টি শিশু আহত হয়।

এই আক্ৰমণক লৈ বিভিন্ন ধৰণৰ খবৰ ওলাইছে। কোৱা হৈছে যে পৰিয়ালটোৰ ওপৰত জানি–বুজিয়ে আক্ৰমণ কৰা হৈছে। আন একাংশৰ মতে ড্ৰাগছ সৰবৰাহকাৰীয়ে ভুলবশতঃ পৰিয়ালটোৰ ওপৰত আক্ৰমণ চলায়। পৰিয়ালটোৰ সকলো লোকে এখন বিয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি