ভাৰত চৰকাৰৰ লগত ৰণত নমা মাইক্ৰ' ব্লগিং ছাইট টুইটাৰ বন্ধ কৰা হ'ল নাইজেৰিয়াত। নাইজেৰিয়াই ছ'চিয়েল ছাইট টুইটাৰক অনিৰ্দিষ্টকালৰ বাবে বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। দেশখনৰ চৰকাৰৰ অভিযোগ অনুসৰি চৰকাৰবিৰোধী কাৰ্যকলাপৰ এক মঞ্চ হিচাপে টুইটাৰক ব্যৱহাৰ কৰি থকা হৈছে দেশখনত। এনে পৰিপ্ৰেক্ষিতত নাইজেৰিয়াৰ তথ্য মন্ত্ৰালয়ে এক বিবৃতিযোগে টুইটাৰ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া বুলি ঘোষণা কৰে।
উল্লেখ্য অলপতে টুইটাৰে দেশৰ ৰাষ্ট্ৰপতি মুহম্মাদু বুহাৰীৰ একাউণ্টৰ পৰা এটা টুইট বিলোপ কৰিছিল। নিয়ম ভংগ কৰাৰ অভিযোগত ৰাষ্ট্ৰপতিগৰাকীৰ টুইটটো বিলোপ কৰা কৰিছিল টুইটাৰে। ইয়াৰ দুদিন পিছতে দেশখনে টুইটাৰৰ বন্ধ কৰাৰ কথা ঘোষণা কৰে নাইজেৰিয়াই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|