• Home
  • »
  • News
  • »
  • world
  • »
  • ২৫ বছৰৰ পিছত ডাঃ ধনীৰাম বৰুৱাৰ বিফল চেষ্টাক সফল কৰিলে আমেৰিকাৰ শল্য চিকিৎসকে!  সফলতাৰে মানৱ দেহত সংৰোপণ কৰিলে গাহৰিৰ বৃক্ক

২৫ বছৰৰ পিছত ডাঃ ধনীৰাম বৰুৱাৰ বিফল চেষ্টাক সফল কৰিলে আমেৰিকাৰ শল্য চিকিৎসকে!  সফলতাৰে মানৱ দেহত সংৰোপণ কৰিলে গাহৰিৰ বৃক্ক

বৃক্ক গ্ৰহণ কৰা লোকজনৰ Creatinine Level বেছি আছিল আৰু বৃক্কই কাম কৰা নাছিল । কিন্তু সংৰোপণৰ পিছত এই মাত্ৰা স্বাভাৱিক হৈ পৰিছিল।

বৃক্ক গ্ৰহণ কৰা লোকজনৰ Creatinine Level বেছি আছিল আৰু বৃক্কই কাম কৰা নাছিল । কিন্তু সংৰোপণৰ পিছত এই মাত্ৰা স্বাভাৱিক হৈ পৰিছিল।

বৃক্ক গ্ৰহণ কৰা লোকজনৰ Creatinine Level বেছি আছিল আৰু বৃক্কই কাম কৰা নাছিল । কিন্তু সংৰোপণৰ পিছত এই মাত্ৰা স্বাভাৱিক হৈ পৰিছিল।

  • Share this:
১৯৯৭ চনত চিকিৎসক ডাঃ ধনীৰাম বৰুৱাই মানৱ দেহত গাহৰিৰ হৃৎপিণ্ড সংৰোপণ কৰাৰ অভিযোগত ৪০দিন জে'ল খাটিব লগা হৈছিল। ৩২ বছৰীয়া ৰোগীজন গাহৰিৰ হৃৎপিণ্ডৰে ৭ দিন জীয়াই আছিল বুলি শুনা যায় কিন্তু বৰুৱাই পিছত এই অস্ত্ৰোপচাৰৰ কথা অস্বীকাৰ কৰিছিল। পিছে গুৱাহাটীৰ এই  সংৰোপণৰ ব্যৰ্থ চেষ্টাৰ ২৪ বছৰৰ পিছত নিউয়ৰ্কৰ শল্য চিকিৎসকে সফলভাৱে এক অনুৰূপ অস্ত্ৰোপচাৰ কৰে ।

বিশ্বত প্ৰথমবাৰৰ কাৰণে নিউয়ৰ্ক চহৰৰ NYU Langone Health নামৰ প্ৰতিষ্ঠানটোৰ চিকিৎসক সকলে গাহৰিৰ বৃক্ক মানৱ দেহত সফল ভাৱে সংৰোপণ কৰি ইতিহাস গঢ়িছে। চিকিৎসকে পোনতেই বৃক্কৰ জিন গঠন সমূহ সলনি কৰি পেলাইছিল যাৰফলত কোষ সমষ্টি (Tissue) সেই অণুবোৰে ত্যাগ কৰিছিল। যিবোৰ মানৱ দেহে পোনচাতেই  বাহিৰৰ অংগ প্ৰত্যাখ্যান কৰাৰ কাৰণ।

পৰীক্ষা সম্পন্ন কৰা ব্যক্তিজন এজন Brain Dead ৰোগী আৰু এই অস্ত্ৰোপচাৰৰ কাৰণে পৰিয়ালৰ লোকৰ অনুমতি লৈ লোৱা হৈছিল। অস্ত্ৰোপচাৰটোৰ সৈতে জড়িত চিকিৎসক Dr Robert Montgomeryয়ে জনোৱা মতে, তিনিদিনৰ কাৰণে বৃক্কটো blood vesselৰে বাহিৰৰ পৰা সংযোগ কৰি পৰীক্ষা-নিৰীক্ষা চলাই থকা হৈছিল। সংৰোপিত বৃক্কটোৱে নিজৰ কাম সুচাৰু ৰুপে কৰি গৈছিল ।

বৃক্ক গ্ৰহণ কৰা লোকজনৰ Creatinine Level বেছি আছিল আৰু বৃক্কই কাম কৰা নাছিল । কিন্তু সংৰোপণৰ পিছত এই মাত্ৰা স্বাভাৱিক হৈ পৰিছিল ।
Published by:Himangshu Bhuyan
First published: