নতুনকৈ বিবাহ পাশত আৱদ্ধ হৈ গোটেই জীৱন একেলগে কটোৱাৰ সপোন দেখা এক দম্পতি! বিবাহৰ এদিনৰ পিছতে দুয়ো গৈছিল হানিমুনলৈ। কিন্তু হানিমুনৰ সময়ত দুয়ো মুখামুখি হ’ল এক অবাঞ্ছিত পৰিস্থিতিৰ। একেলগে দুয়ো পাৰ কৰা এক মধুৰ মুহূৰ্তৰ মাজতে হঠাৎ আগ্নেয়গিৰিয়ে সৃষ্টি কৰা এটা দ’ গাতত সোমাই যায় স্বামী। পিছত সৌভাগ্য ক্ৰমে পত্নীয়ে তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰাই নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা কৰা। ঘটনাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ।
![]()
Source- BBC News
ক্লে খ্ৰীষ্টান আৰু তেওঁৰ পত্নীয়ে ‘St Kitts’ ৰ ‘Caribbean’ দ্বীপত খোজকাঢ়ি গৈ থাকোতে হঠাৎ খ্ৰীষ্টান দ’ গাতত সোমাই যায়, পিছত তেওঁৰ পত্নী একেমীয়ে খ্ৰীষ্টানক উদ্ধাৰ কৰিবলৈ গাতটোৰ ভিতৰলৈ সোমাই যায় আৰু স্বামীক উদ্ধাক কৰে। পিছত নিজ হাতেৰে দাঙি গাতটোৰ পৰা উলিয়াই আনে স্বামী ক্লে খ্ৰীষ্টানক।
![]()
Source- BBC News
ঘটনাত ডিঙি কান্ধ আৰু হাতত গুৰুতৰ ভাৱে আঘাত পাই ক্লে খ্ৰীষ্টান। পত্নীয়ে ততাতৈয়াকৈ আমেৰিকাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত এতিয়া ক্ৰমাত্ সুস্থ হৈ উঠিছে ক্লে খ্ৰীষ্টান।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|