এদিন দুয়োটি শিশুক বেডৰুমত থৈ ঘৰৰ কামত ব্যস্ত আছিল। সেই সময়তে শিশু দুটিৰ কান্দোন শুনিবলৈ পায়।
এদিন দুয়োটি শিশুক বেডৰুমত থৈ ঘৰৰ কামত ব্যস্ত আছিল। সেই সময়তে শিশু দুটিৰ কান্দোন শুনিবলৈ পায়।
পোহনীয়া জন্তু বিশেষকৈ পোহনীয়া কুকুৰক অত্যন্ত বিশ্বাসী বুলি কোৱা হয়। মালিক বা তেওঁলোকৰ শিশুৰ বাবে সুৰক্ষিত বুলি ধৰি লোৱা হয়। কিন্তু ব্ৰাজিলৰ বাহিয়া চহৰত এনেকুৱা এক ঘটনা পোহৰলৈ আহিছে যি ঘটনা শুনাৰ পিছত মানুহে শিশুক পোহনীয়া কুকুৰৰ সৈতে এৰি দিবলৈ ভয় কৰিব। মালিকৰ নৱজাত যমজ সন্তানক হত্যা কৰিলে দুটা পোহনীয়া কুকুৰে।
‘দ্য ছান’ সংবাদ পত্ৰৰ মতে, যমজ ভগ্নী এনা আৰু অনালুৰ জন্ম হৈছিল ২৩ জুনত। শিশু দুটিৰ মাতৃ এলেনা নভাইছৰ আছিল লেব্ৰাড’ৰ আৰু আমেৰিকান ফক্সহাউণ্ড প্ৰজাতিৰ দুটা পোহনীয়া কুকুৰ। এলেনাই কয় যে শিশু দুটিৰ জন্মৰ পিছৰে পৰা আমেৰিকান ফক্সহাউণ্ড প্ৰজাতিৰ কুকুৰটোৰ আচৰণ কিছু পৰিৱৰ্তন হৈছিল। শিশুদুটিৰ সলনি কুকুৰটোৱে তাক মৰম কৰা বা কোলাত লোৱাক লৈ জেদ কৰিছিল।
এলেনাই কয় যে আৰম্ভণিতে এয়া সাধাৰণ কথা যেন লাগিছিল, কিয়নো এনেকুৱা প্ৰায়ে হয়। কিন্তু এদিন দুয়োটি শিশুক বেডৰুমত থৈ ঘৰৰ কামত ব্যস্ত আছিল। সেই সময়তে শিশু দুটিৰ কান্দোন শুনিবলৈ পায়। এলেনা আহি বেডৰুম পোৱালৈ কুকুৰটোৱে দুয়োটি শিশুক বেয়াকৈ আঘাতপ্ৰাপ্ত কৰিছিল। চিকিৎসকৰ মতে, কুকুৰে এটি শিশুৰ পেট সম্পূৰ্ণৰূপে ফালি পেলাইছিল, যাৰ বাবে বচাব পৰা নগ’ল।
চিকিৎসকৰ মতে, ঘটনাস্থলীতে শিশু দুটিৰ মৃত্যু হৈছিল। এটি শিশুৰ মৃত্যু আঘাতৰ বাবে হোৱাৰ বিপৰীতে আনটি শিশুৰ মৃত্যু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ হয়। আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে ঘৰৰ আনটো কুকুৰে শিশু দুটিক আক্ৰমণ কৰা নাছিল আৰু বচাবলৈ চেষ্টাও কৰিছিল।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|