পথৰ দাঁতিত উদ্ধাৰ ৭ ঘণ্টা পূৰ্বে জন্ম হোৱা দেৱশিশু, আমেৰিকান আৰক্ষীয়ে নাম দিলে INDIA

বৰ্তমান বেবী ইণ্ডিয়া সুস্থ আৰু জৰ্জিয়াৰ পৰিয়াল আৰু শিশু সেৱা বিভাগত চোৱাচিতা কৰি থকা হৈছে।

news18assam
Updated:June 27, 2019, 1:42 PM IST
পথৰ দাঁতিত উদ্ধাৰ ৭ ঘণ্টা পূৰ্বে জন্ম হোৱা দেৱশিশু, আমেৰিকান আৰক্ষীয়ে নাম দিলে INDIA
বৰ্তমান বেবী ইণ্ডিয়া সুস্থ আৰু জৰ্জিয়াৰ পৰিয়াল আৰু শিশু সেৱা বিভাগত চোৱাচিতা কৰি থকা হৈছে।
news18assam
Updated: June 27, 2019, 1:42 PM IST
আমেৰিকাৰ জৰ্জিয়াত পথৰ দাঁতিত উদ্ধাৰ হয় এটি দেৱশিশু। প্ৰায় ৭ ঘণ্টা পূৰ্বে জন্ম হোৱা দেৱশিশুটি উদ্ধাৰ কৰি আমেৰিকান আৰক্ষীয়ে নাম ৰাখিলে INDIA। শিশুটিৰ মাতৃৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। কামিং চহৰৰ আৰক্ষীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত শিশুটিক ওভতাই নিবলৈ অনুৰোধ জনোৱা হৈছে।

শিশুটিৰ মাতৃক বিচাৰি উলিয়াবলৈ শ্বেয়াৰ কৰা ভিডিঅ’টোত জনসাধাৰণৰ পৰা সহায়–সহযোগিতা কামনা কৰিছে আৰক্ষীয়ে। ঘটনাৰে জড়িত থাকিব পৰা সকলো তথ্য যোগান ধৰিবলৈ দিয়া হৈছে ফোন নম্বৰ। লগতে তথ্য যোগান ধৰা লোকৰ নাম আৰু ঠিকনা গোপনে ৰখা হ’ব বুলিও ভিডিঅ’টোত প্ৰকাশ কৰিছে আৰক্ষীয়ে।


আৰক্ষীৰ মতে, আটলাণ্টাৰ পৰা ৬৪ কিলোমিটাৰ দূৰৈত পথৰ দাঁতিত উদ্ধাৰ হয় দেৱশিশুটি। প্লাষ্টিকৰ মোনাত ভৰাই দলিয়াই দিয়া হৈছিল শিশুটি। আৰক্ষীয়ে শিশুটিৰ মাতৃক বিচাৰি নাপাই পিছত এই ভিডিঅ’ জাৰি কৰে। বৰ্তমান বেবী ইণ্ডিয়া সুস্থ আৰু জৰ্জিয়াৰ পৰিয়াল আৰু শিশু সেৱা বিভাগত চোৱাচিতা কৰি থকা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি