কাৰ্যালয়ৰ ভিতৰতে কেবিনেট মন্ত্ৰীয়ে স্থাপন কৰিলে যৌন সম্পৰ্ক, বিৰোধীৰ প্ৰমাণৰ ভিত্তিত দেশখনৰ প্ৰধানমন্ত্ৰীয়ে কৰিলে অপসাৰণ

News18 Assam | News18-Assam
Updated:July 22, 2020, 7:20 PM IST
কাৰ্যালয়ৰ ভিতৰতে কেবিনেট মন্ত্ৰীয়ে স্থাপন কৰিলে যৌন সম্পৰ্ক, বিৰোধীৰ প্ৰমাণৰ ভিত্তিত দেশখনৰ প্ৰধানমন্ত্ৰীয়ে কৰিলে অপসাৰণ
নিউজীলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেন

অপসাৰণ কৰিলে কেবিনেট মন্ত্ৰীক।

  • Share this:
কাৰ্যালয়ৰ ভিতৰতে সহকৰ্মীৰ সৈতে যৌন সম্পৰ্ক ৰক্ষা কৰি অপসাৰিত হ’ল এগৰাকী কেবিনেট মন্ত্ৰী। ঘটনাটো সংঘটিত হৈছে নিউজীলেণ্ডত। দেশখনৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে বুধবাৰে অপসাৰণ কৰে অভিযুক্ত কেবিনেট মন্ত্ৰী লেইন লী গাল্লোৱে’ক।

ক্ষমতাৰ বলত মন্ত্ৰীগৰাকীয়ে কাৰ্যালয়ৰ ভিতৰতে একাধিক বাৰ প্ৰাক্তন মহিলা কৰ্মচাৰীগৰাকীৰ সৈতে লিপ্ত হৈছিল যৌন সম্পৰ্কত। প্ৰাক্তন সহকৰ্মীৰ সৈতে মন্ত্ৰীৰ থকা অবৈধ সম্পৰ্কৰ কথা সকলোৱে জানিছিল যদিও, কোনেও মুখ ফুটাই ক’বলৈ সাহস কৰা নাছিল। কিন্তু অৱশেষত দেশখনৰ বিৰোধী নেতা জুদিথ কলিন্সে প্ৰমাণ সহ এই অভিযোগ দাখিল কৰিছিল দেশখনৰ প্ৰধানমন্ত্ৰীৰ ওচৰত। আৰু তথ্য প্ৰমাণ পৰীক্ষা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কেবিনেটৰ পৰা অপসাৰণ কৰে লেইন লী গাল্লোৱে’ক।

উল্লেখযোগ্য যে, লী গাল্লোৱে এগৰাকী বিবাহিত লোক আৰু তিনিটাকৈ সন্তাৰন পিতৃ। পিছত মন্ত্ৰীগৰাকীয়ে নিজৰ দোষ স্বীকাৰ কৰে পৰিয়ালৰ আগত।
Published by: Himangshu Bhuyan
First published: July 22, 2020, 7:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading