বিশ্বকাপৰ ফাইনেলত হাৰিও চেম্পিয়ন নিউজীলেণ্ড, এনেকৈ জয় কৰিলে বিশ্ব

News18-Assam
Updated:July 15, 2019, 3:09 PM IST
বিশ্বকাপৰ ফাইনেলত হাৰিও চেম্পিয়ন নিউজীলেণ্ড, এনেকৈ জয় কৰিলে বিশ্ব
কেতিয়াবা হাৰিও পৰাজিত হোৱা বুলিও ক’ব পৰা নাযায় আৰু নিউজীলেণ্ডৰ ক্ষেত্ৰত বিশ্বকাপৰ ফাইনেলৰ পৰাজয়ো একেই পৰ্যায়ৰ হৈছে। দলটোৱে পৰাজিত হৈও বিশ্বজয় কৰিলে।

কেতিয়াবা হাৰিও পৰাজিত হোৱা বুলিও ক’ব পৰা নাযায় আৰু নিউজীলেণ্ডৰ ক্ষেত্ৰত বিশ্বকাপৰ ফাইনেলৰ পৰাজয়ো একেই পৰ্যায়ৰ হৈছে। দলটোৱে পৰাজিত হৈও বিশ্বজয় কৰিলে।

  • Share this:
লৰ্ডছৰ ঐতিহাসিক খেলপথাৰৰ আহিল সেই খবৰ যে ইংলেণ্ডে বিশ্ব কাপ জয় কৰিলে। কিন্তু এই কথা যেন বহুতেই সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল! বেছিভাগৰে মনত এটাই কথা, এয়া হ’ব নালাগিছিল, এয়া পৰাজয় নহয়, এয়া পৰাজয় হ’বই নোৱাৰে।

ৱানডে ক্ৰিকেটৰ ৪৮বছৰীয়া ইতিহাসৰ এয়া সৰ্বপ্ৰথম ক্ষণ আছিল যে দুটা বিজেতা দলে খেলপথাৰৰ বাহিৰত ভৰি থৈছিল। এফালে ক্ৰিকেটাৰ জন্মদাতা ইংলেণ্ড যি প্ৰথমবাৰ জয় কৰিছিল বিশ্বকাপ আৰু আনফালে আছিল বিশ্বৰ মানচিত্ৰত থকা এখন সৰু ৰাষ্ট্ৰৰ ১১জন বিচক্ষণ খেলুৱৈ যি ইতিহাস ৰচনা কৰিলে। পৰাজিত আৰু পৰাজয়ৰ মাজৰ মিহি পাৰ্থক্যক ইয়াতকৈ হয়তো ভালকৈ বুজাব পৰা নাযাব। নিউজীলেণ্ডে এই খেলত পৰাজিত হ’লেও তেওঁলোকক ইতিহাসে কেতিয়াও সঁচা অৰ্থত পৰাজিত বুলি গণ্য নকৰিব।

৪৫দিন, ৪৮খন মেচ আৰু ১০০ অভাৰৰ খেল, শেষত সেই ছটা বল। পৃথিৱীৰ কাৰণে এয়া মাথো এক পৰিসংখ্যা কিন্তু নিউজীলেণ্ডে নিজৰ গৌৰৱ গাঁথা গঢ়িলে ইয়াৰ মাজেৰেই। ১১জন যোদ্ধাই প্ৰতিটো ৰাণ, প্ৰতিটো বল, প্ৰতি উশাহলৈ খেলিলে। লৰ্ডছৰ ষ্টেডিয়ামৰ ৩০হাজাৰ দৰ্শকেই নহয়, বিশ্বৰ কোটি কোটি ক্ৰিকেট অনুৰাগীৰ মন জয় কৰিলে নিউজীলেণ্ডে। খেল শেষ হোৱাৰ পিছত খেলপথাৰৰ বাহিৰত ভৰি দিয়া মাথো ৫০লাখ জনসংখ্যাৰ দেশখনৰ ১১জন খেলুৱৈ বিজয়ী যোদ্ধাৰ দৰেই ভৰি দিছিল। উত্তেজনাৰ চৰম শিখৰত উঠা বিশ্বকাপৰ ফাইনেলত দিয়া যুঁজে তেওঁলোকৰ অনুৰাগী কৰি তুলিলে অগণন লোকক।

৪৫দিনৰ মহাযুঁজত যিসকলে নিউজীলেণ্ডৰ খেল চাইছে তেওঁলোক আশ্বৰ্যচকিত নিশ্চয় হৈছে। এই দলটোক খিতাপৰ দাবীদাৰ ৰূপে একেবাৰে লোৱা হোৱা নাছিল। কোনো ছুপাৰষ্টাৰ নথকা এই দলটোৱে যেনে তেনেহে ছেমি ফাইনেল আৰু তাৰ পিছত ফাইনেল পাইছিল। ছেমিফাইনেলৰ পূৰ্বে তিনিখন খেল হাৰিছিল দলটোৱে। কিন্তু টুৰ্ণামেণ্ট শেষ হোৱাৰ লগে লগে দলটোৰ প্ৰতি থকা বদ্ধমূল ধাৰণা প্ৰত্যেকৰে সলনি হৈছে।

৬কোটি জনসংখ্যাৰ দেশ ইংলেণ্ডৰ সন্মুখীন হৈছিল ৫০লাখ জনসংখ্যাৰ দেশ নিউজীলেণ্ড। এখন দেশ ক্ৰিকেটৰ জনক আনখনৰ ৰাষ্ট্ৰীয় খেল আকৌ ৰাগবী। এটা দলে চতুৰ্থবাৰলৈ ফাইনেলত প্ৰৱেশ কৰিছিল আৰু আনখনে দ্বিতীয়বাৰ ফাইনেলত যুঁজ দিছিল। বিশ্বকাপ ক্ৰিকেট ২০১৯ৰ খিতাপ নীতি–নিয়মৰ মাজেৰে ইংলেণ্ডে দখল কৰিলেও নিউজীলেণ্ডে এইবাৰৰ বিশ্বকাপত যি লাভ কৰিছে সেয়া ইয়াৰ পূৰ্বে কোন দলে বিশ্বকাপত পোৱা নাছিল। পৰাজয়ে নিউজীলেণ্ডৰ অন্তৰ ভাঙিছে সঁচা কিন্তু তেওঁলোকৰ অভিমান অটুট আছে। ক্ৰিকেটৰ জন্মদাতা দেশখনে বিশ্বকাপ জয় কৰিবলৈ ৪৪বছৰ ল’লে কিন্তু এই জয় যেন ক’ৰবাত আধৰুৱা, হয়তো এই জয় প্ৰকৃততে নিউজীলেণ্ডৰ আছিল। এই জয় নিউজীলেণ্ডৰে আছিল।
Published by: Tulika Devi
First published: July 15, 2019, 3:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading