মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Transgender in Olympic: প্ৰথমবাৰৰ কাৰণে ট্ৰেন্সজেণ্ডাৰ খেলুৱৈয়ে খেলিব অলিম্পিক, নিউজিলেণ্ডৰ ঐতিহাসিক সিদ্ধান্ত

Transgender in Olympic: প্ৰথমবাৰৰ কাৰণে ট্ৰেন্সজেণ্ডাৰ খেলুৱৈয়ে খেলিব অলিম্পিক, নিউজিলেণ্ডৰ ঐতিহাসিক সিদ্ধান্ত

টকিঅ' অলিম্পিকত মহিলাৰ ৮৭ কিলোগ্ৰাম ওজনৰ শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব লৰেল হাবাৰ্ডে।

টকিঅ' অলিম্পিকত মহিলাৰ ৮৭ কিলোগ্ৰাম ওজনৰ শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব লৰেল হাবাৰ্ডে।

টকিঅ' অলিম্পিকত মহিলাৰ ৮৭ কিলোগ্ৰাম ওজনৰ শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব লৰেল হাবাৰ্ডে।

  • Share this:

আগন্তুক টকিঅ' অলিম্পিক গেমছৰ বাবে নিউজিলেণ্ড দেশে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। নিউজিলেণ্ডে মহিলাৰ ভাৰোত্তোলন শাখাত নিৰ্বাচন কৰিছে এগৰাকী ট্ৰেন্সজেণ্ডাৰ (transgender) খেলুৱৈক। লৰেল হাবাৰ্ড (Laurel Hubbard) নামৰ এই খেলুৱৈগৰাকী একেদৰে কেৱল দেশখনৰে নহয় অলিম্পিক গেমছ খেলা প্ৰথম ট্ৰেন্সজেণ্ডাৰ এথলীট হিচাপে পৰিচিত হ'ব। নিউজিলেণ্ড অলিম্পিক কমিটীৰ অধ্যক্ষ কেৰিন স্মিথে (Kereyn Smith) কয় যে হাবাৰ্ডে এজন পুৰুষ হিচাপে জন্মগ্ৰহণ কৰিছিল যদিও তেওঁৰ ৩০ বছৰ বয়সত এগৰাকী মহিলালৈ ৰূপান্তৰিত হৈছিল, তেওঁৰ এগৰাকী এথলীটৰ থাকিবলগীয়া সকলো অৰ্হতা আছে। এইক্ষেত্ৰত স্মিথে কয়– "আমি জানো যে লিংগ পৰিচয় ক্ৰীড়াৰ ক্ষেত্ৰত এটা ডাঙৰ সমস্যা আৰু যথেষ্ট জটিল বিষয়। এইক্ষেত্ৰত মানৱ অধিকাৰ আৰু ক্ৰীড়াগত সামৰ্থ্যৰ ভাৰসাম্য ৰক্ষা কৰা প্ৰয়োজন।'


এনেদৰে প্ৰৱেশ হৈছিল হাবাৰ্ডৰ


হাবাৰ্ডে পূৰ্বে এজন পুৰুষ হিচাপেও ৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰিছে, কিন্তু এইবাৰ এগৰাকী মহিলা হিচাপে খেলিবলৈ যোগ্যতা অৰ্জন কৰিছে অলিম্পিকত। কিয়নো তেওঁৰ টেষ্টোষ্ট'ৰেনৰ স্তৰ আন্তৰ্জাতিক অলিম্পিক সমিতিৰ হিচাপৰ সৈতে মিলিছিল। তেওঁ টকিঅ' অলিম্পিকত মহিলাৰ ৮৭ কিলোগ্ৰাম ওজনৰ শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব। এই শাখাত তেওঁ বিশ্বৰ ১৬সংখ্যক স্থানত আছে।


হৈছে বিতৰ্ক


হাবাৰ্ডক মহিলা খেলুৱৈৰ শাৰীত খেলোৱাৰ বাবে কিছু বিতৰ্ক হৈছে দেশখনত। কোৱা হৈছে যে নিউজিলেণ্ড অলিম্পিক কমিটীৰ এই কার্য এগৰাকী মহিলা হিচাপে জন্ম গ্ৰহণ কৰা খেলুৱৈৰ প্ৰতি অবিচাৰ। এনে প্ৰক্ৰিয়াৰে কোনো নহয় কোনো মহিলা ভাৰোত্তোলন খেলুৱৈক উপেক্ষা কৰা হৈছে।

শেহতীয়া বাতৰি