মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»Living Without Paying : ১৯৯৮ চনৰ পৰা কিনা নাই এটাও ব্ৰা-পেণ্টী! টকা সাচিবলৈ আৰু কি কি কৰিব পাৰে এইগৰাকী মহিলাই

Living Without Paying : ১৯৯৮ চনৰ পৰা কিনা নাই এটাও ব্ৰা-পেণ্টী! টকা সাচিবলৈ আৰু কি কি কৰিব পাৰে এইগৰাকী মহিলাই

Manjumoni Borah | News18-Assam
Updated:August 23, 2021, 2:10 PM IST
Living Without Paying : ১৯৯৮ চনৰ পৰা কিনা নাই এটাও ব্ৰা-পেণ্টী! টকা সাচিবলৈ আৰু কি কি কৰিব পাৰে এইগৰাকী মহিলাই
কেট হাছিমটো (Kate Hashimoto)ৰ এখন কাঠ বা লোহাৰ বিছনাও নাই। তেওঁৰ বিছনাখন যোগাসন কৰা পাটীৰ দ'ম। এই পাটিবোৰ কেটে ৰাস্তাৰ পৰা বুটলি অনা। 

কেট হাছিমটো (Kate Hashimoto)ৰ এখন কাঠ বা লোহাৰ বিছনাও নাই। তেওঁৰ বিছনাখন যোগাসন কৰা পাটীৰ দ'ম। এই পাটিবোৰ কেটে ৰাস্তাৰ পৰা বুটলি অনা। 

  • Share this:
পইচা বচাবলৈ আপুনি কি কি কৰিব পাৰে। কিমান খৰচ নকৰাকৈ থাকিব পাৰে আপুনি! তাকো পৃথিৱীৰ এনে এখন ব্যয়বহুল আৰু বিলাসেৰে ভৰা ঠাইত য'ত পৃথিৱীৰ সকলো সুখেই বিদ্যমান। কিন্তু  এনে মহিলাও আছে যি পইচা সাচিবলৈ ১৯৯৮ চনৰ পৰা কিনা নাই এটাও ব্ৰা-পেণ্টী। হয়, এনে মহিলা বা মানুহো আছে যি ধন সাচিবলৈ ব্ৰা-পেণ্টীও নিকিনাকৈ থাকিব পাৰে।

পৃথিৱীৰ ১০খন সকলোতকৈ খৰচী চহৰৰ ভিতৰত থকা আমেৰিকাৰ নিউয়ৰ্ক (New York) চহৰতে আছে এনে এগৰাকী মহিলা। এই মহিলাগৰাকীৰ নাম কেট হাছিমটো (Kate Hashimoto)। পেছাত হাছিমটো এগৰাকী গাণনিক বিষয়া। কেটে স্বীকাৰ কৰিছে যে তেওঁ টকা খৰচ কৰি প্ৰচণ্ড বেয়া পায়। ধন সাচিবলৈ তেওঁ যিকোনো পৰ্যায়লৈ যাব পাৰে বুলিও স্বীকাৰ কৰে। আনকি তেওঁ দাবী কৰে যে ১৯৯৮ চনৰ পৰা তেওঁ এটাও ব্ৰা-পেণ্টী (Underwear) কিনা নাই।

উল্লেখ্য যে নিউয়ৰ্কত অতি কমেও এজন লোকৰ মাহিলী খৰচ ভাৰতীয় টকাৰ হিচাপত প্ৰায় ১ লাখ টকা। কিন্তু কেট হাছিমটোৱে গড়ি হিচাপত এমাহত কিমান খৰচ কৰে জানেনে- মাত্ৰ ১৪,৮৫০ টকা (প্ৰায়)। কেটে দাবী কৰে যে তেওঁ টিলেটৰ সামগ্ৰী, কাপোৰ ধোৱাত টকা খৰচ নকৰে। তেওঁ কয় যে তেওঁ গা ধোওতে ছাৱাৰতে কাপোৰ ধুই লয়।

TLC নামৰ লাইফষ্টাইল  চেনেলটোত Extreme Cheapskates অনুষ্ঠানত এক সাক্ষাৎকাৰত কেটে কয় যে তেওঁ জীৱনৰ বাবে একপ্ৰকাৰ প্ৰায় একো খৰচ নকৰাকৈ জীয়াই আছে। কেটে কয়, “মই নিউয়ৰ্কত তিনি বছৰৰ বেছি সময় বাস কৰিছোঁ আৰু এখন খৰচী চহৰ হোৱা স্বত্বেও মই প্ৰায় একো খৰচ নকৰাকৈ জীয়াই থকাৰ উপায় উলিয়াই লৈছোঁ।"

“কেতিয়াব যদি টকা খৰচ কৰিব লগা হয় মই পৰাপক্ষত সেয়া এৰাই চলিব বিচাৰোঁ নাইবা যিমান কম খৰচ কৰিব পাৰি সিমন কম কৰোঁ।"


কেটৰ কৃপণালীৰ আৰু এক নমুনা শুনক-কেটে আকৌ কয় যে তেওঁ যেতিয়াই কোনো ৰাজহুৱা বাথৰূমত হাত ধোঁৱে আৰু টাৱেল ব্যৱহাৰ কৰে, তেওঁ সেই টাৱেলখন লগত ৰাখি থয় আৰু পিছত পুনৰ ব্যৱহাৰ কৰে। কেটে কেতিয়াও ঘৰৰ ফাৰ্ণীচাৰৰ কাৰণে টকা খৰচ নাই।

ইমনেই নহয়, কেটৰ এখন কাঠ বা লোহাৰ বিছনাও নাই। তেওঁৰ বিছনাখন যোগাসন কৰা পাটীৰ দ'ম। এই পাটিবোৰ কেটে ৰাস্তাৰ পৰা বুটলি অনা।

পইচা বচাবলৈকে কেটে কেতিয়াও ৰান্ধিবলৈ ৰন্ধন গেছ নাইবা ইলেক্ট্ৰিক সামগ্ৰী ব্যৱহাৰ কৰা নাই। আনকি তেওঁ বন্ধুবৰ্গৰ সৈত ৰেষ্টুৰেণ্টলৈও নাযায় যদিহে বন্ধুসকলে তেওঁৰ খাদ্যৰো বিল নিদিয়ে।
Published by: Manjumoni Borah
First published: August 23, 2021, 2:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি