• Home
  • »
  • News
  • »
  • world
  • »
  • Zoonotic Langya Virus In China: কোভিড আঁতৰাই নাই, পুনৰ নতুন ভাইৰাছৰ সংক্ৰমণ চীনত! ইতিমধ্যে আক্ৰান্ত ৩৫জন

Zoonotic Langya Virus In China: কোভিড আঁতৰাই নাই, পুনৰ নতুন ভাইৰাছৰ সংক্ৰমণ চীনত! ইতিমধ্যে আক্ৰান্ত ৩৫জন

টাইৱানৰ ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰই জনাইছে, ভাইৰাছ চিনাক্ত কৰা আৰু ইয়াৰ বিস্তাৰ নিৰীক্ষণৰ বাবে এটা নিউক্লিক এচিড পৰীক্ষাৰ পদ্ধতি ব্যৱহাৰ কৰিব টাইপেই।

টাইৱানৰ ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰই জনাইছে, ভাইৰাছ চিনাক্ত কৰা আৰু ইয়াৰ বিস্তাৰ নিৰীক্ষণৰ বাবে এটা নিউক্লিক এচিড পৰীক্ষাৰ পদ্ধতি ব্যৱহাৰ কৰিব টাইপেই।

টাইৱানৰ ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰই জনাইছে, ভাইৰাছ চিনাক্ত কৰা আৰু ইয়াৰ বিস্তাৰ নিৰীক্ষণৰ বাবে এটা নিউক্লিক এচিড পৰীক্ষাৰ পদ্ধতি ব্যৱহাৰ কৰিব টাইপেই।

  • Share this:
Covid-19 ভাইৰাছৰ সংক্ৰমণৰ বিভীষিকা এতিয়াও শেষ হোৱা নাই। ক্ৰমবৰ্ধমান সংক্ৰমণৰ বিৰুদ্ধে যুঁজি আছে বিশ্বই। ইয়াৰ মাজতে পুনৰ আন এক নতুন প্ৰাণঘাতী ভাইৰাছৰ সংক্ৰমণ হৈছে চীনত। চীনৰ স্বাস্থ্য বিভাগৰ কৰ্মকৰ্তাসকলে সোমবাৰে জনাইছে, জুনোটিক লেংয়া ভাইৰাছৰ (LayV) সংক্ৰমণ পোৱা গৈছে। প্ৰতিবেদন অনুসৰি, মূল ভূখণ্ডৰ শানডং আৰু হেনান প্ৰদেশত ৩৫জন লোক এই ভাইৰাছত আক্ৰান্ত হৈছে। প্ৰতিবেদনত আৰু কোৱা হৈছে, এই ভাইৰাছত আক্ৰান্ত হৈছে কেইবাটাও প্ৰাণীও। টাইৱানৰ ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰই জনাইছে, ভাইৰাছ চিনাক্ত কৰা আৰু ইয়াৰ বিস্তাৰ নিৰীক্ষণৰ বাবে এটা নিউক্লিক এচিড পৰীক্ষাৰ পদ্ধতি ব্যৱহাৰ কৰিব টাইপেই।

সংক্ৰমণ পৰিস্থিতি বিবেচনা কৰি টাইপেই চিডিচি সতৰ্কতা জাৰি কৰিছে। জনসাধাৰণক ভাইৰাছৰ বিস্তাৰ সংক্ৰান্তীয় খবৰৰ প্ৰতি গভীৰ মনোযোগ দিয়াৰ আহ্বান জনাইছে। ভাইৰাছ সংক্ৰমণৰ প্ৰক্ৰিয়া সম্পৰ্কেও টাইৱানৰ চিডিচি ডেপুটি ডিৰেক্টৰ চুয়াং জেন–ছিয়াঙে জনায়, বৰ্তমান কোনো এনে প্ৰমাণ পোৱা নাই যে ভাইৰাছবিধ এজনৰ পৰা আন এজনলৈ সংক্ৰমণ ঘটিছে। তেওঁ আৰু জনায়, এতিয়ালৈ প্ৰায় ২ শতাংশ ছাগলী আৰু ৫ শতাংশ কুকুৰ আৰু আন ঘৰচীয়া প্ৰাণীৰ দেহত এই ভাইৰাছৰ সংক্ৰমণ পোৱা গৈছে ছেৰ’লজীকেল পৰীক্ষাৰ অন্তত।

জুনোটিক লেংয়া ভাইৰাছ কি?
জুনোটিক লেংয়া ভাইৰাছ বা LayV হ’ল প্ৰাণীৰ পৰা প্ৰাপ্ত এটা নতুন হেনিপাভাইৰাছ যিটো বেছিভাগ জন্তুৰ পৰা জন্তুলৈ স্থানান্তৰিত হয়। কিন্তু সম্প্ৰতি ইয়াক মানুহৰ দেহত চিনাক্ত কৰা হৈছে। বিশেষজ্ঞসকলৰ মতে, জুনোটিক লেংয়া ভাইৰাছ নিপা ভাইৰাছৰ দৰেই। এতিয়াও কোনো সংক্ৰমণ গুৰুতৰ বা মাৰাত্মক নহয়।

জুনোটিক লেংয়া ভাইৰাছৰ লক্ষণ
‘চিনে ফেব্ৰিল ৰোগীসকলৰ মাজত জুনোটিক হেনিপাভাইৰাছ’ শিৰোনামত প্ৰকাশিত এক গৱেষণাত কোৱা হৈছে, মানুহৰ দেহত নতুন এই সংক্ৰমণৰ ক্ষেত্ৰত জ্বৰ, ক্লান্তি, কাহ, চৰ্দি, ভোক কম লগা, পেশীৰ বিষ, বমি বমি ভাৱ আদি উপসৰ্গ দেখা গৈছে।
Published by:Sanjay Kumar Das
First published: