আতংকৰ বাবে কুখ্যাত তালিবানে আজি ঘোষণা কৰে দুটা কথা, যি তালিবানৰ সৈতে সচৰাচৰ নিমিলা ধৰণৰ। আফগানিস্তানত ক্ষমতা দখল কৰা তালিবানে চৰকাৰী বিষয়া আৰু কৰ্মচাৰীসকলক কামলৈ ঘূৰাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। সশস্ত্ৰ দলটোৱে মঙলবাৰে কয় যে চৰকাৰী বিষয়া আৰু কৰ্মচাৰীসকলৰ বাবে ক্ষমা ঘোষণা কৰা হৈছে। তালিবানে তেওঁলোকক কামলৈ উভতি যাবলৈ আহ্বান জনায়।
চৰকাৰী বিষয়াসকলক দিয়া তালিবানৰ বিবৃতিত কোৱা হৈছে, "আপোনালোকে সম্পূৰ্ণ বিশ্বাসেৰে নিয়মীয়া জীৱনলৈ উভতি অহা উচিত।' ইয়াৰ লগতে তালিবানে আন এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে।
তালিবানে কয় যে ইয়াৰ চৰকাৰ সম্পূৰ্ণৰূপে ইছলামিক হ'ব, কিন্তু এই চৰকাৰত মহিলাসকলো জড়িত থাকিব পাৰিব। তালিবানৰ মতে, তেওঁলোকৰ লক্ষ্য মহিলাৰ বিৰুদ্ধে হিংসা প্ৰতিৰোধ কৰা। ইছলামিক এমিৰেটছ সংস্কৃতি আয়ুক্তৰ সদস্য ইনামুল্লা চামংগনীয়ে মঙলবাৰে আফগান চৰকাৰী টিভিত এই মন্তব্য কৰে। তেওঁ কয় যে ইছলামিক এমিৰেটছত নাৰীৰ ক্ষতি হোৱাটো বিচৰা হোৱা নাই।
কিন্তু সন্ত্ৰাসৰ পৃষ্ঠপোষকতা কৰাৰ ইতিহাস থকা তালিবানৰ এই দুটা ঘোষণাই এতিয়া সৃষ্টি কৰিছে ৰহস্যৰ। কোনেও বিশ্বাসত ল'ব পৰা নাই তালিবানক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|