মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Afghanistan, Taliban, ISIS-K : তালিবানৰ সন্মুখত নতুন বিপদ, আফগানিস্তানত তালিবানৰ সমান্তৰাল চৰকাৰ চলোৱাাৰ যো-জা ISIS-Kৰ

Afghanistan, Taliban, ISIS-K : তালিবানৰ সন্মুখত নতুন বিপদ, আফগানিস্তানত তালিবানৰ সমান্তৰাল চৰকাৰ চলোৱাাৰ যো-জা ISIS-Kৰ

representative image

representative image

Afghanistan, Taliban, ISIS-K : তালিবানতকৈয়ো গোড়া ইছলামিক পন্থাত বিশ্বাসী ISIS-Kৰ টাৰ্গেট হৈ পৰিছে তালিবানী প্ৰশাসনিক বিষয়া। ISIS-Kৰ সন্ত্ৰাসবাদীয়ে হত্যাৰ চেষ্টা চলাইছে তালিবানৰ প্ৰবক্তা জবিউল্লা মুজাহিদীনকো

  • Share this:
বন্দুকৰ বলেৰে আফগানিস্তান (Afghanistan)ৰ শাসনভাৰ দখল কৰা তালিবান (Taliban)ৰ সন্মুখত নতুন বিপদ হৈ দেখা দিছে সন্ত্ৰাসবাদী সংগঠন ISIS-K (ISISI Khorasan)। তালিবানে ১৫আগষ্টত আফগানিস্থানৰ শাসনভাৰ দখল কৰাৰ পিছতে ISIS-Kই কাবুল বিমানঘাটী (Kabul Airport)ত আত্মঘাতী আক্ৰমণৰে তালিবানক প্ৰত্যাহ্বান জনাইছিল। বহু আমেৰিকান সৈন্য আৰু সাধাৰণ নাগৰিক নিহত হোৱা এই আক্ৰমণৰ পিছতে তালিবানে ISIS-Kৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল যদিও সন্ত্ৰাসবাদী সংগঠনটোৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল তালিবানী বন্দুকধাৰী।

তালিবানী যুঁজাৰুৰ সৈতে সমুখ-সমৰত লিপ্ত হৈছিল ISIS-Kৰ সন্ত্ৰাসবাদী সকল। তালিবানেও কঠোৰ হাতেৰে ISIS-Kক দমন কৰাৰ কথা ঘোষণা কৰিছিল। পিছে গোজেই-গজালি মেলাৰ দৰে এতিয়া আফগানিস্তানত তালিবানৰ সমান্তৰাল প্ৰশাসন চলাবলৈ আগবাঢ়িছে ISIS-Kই। ইতিমধ্যে সন্ত্ৰাসবাদী সংগঠনটোৱে প্ৰশাসনিক কাৰ্যকলাপৰ বাবে মিলিটেৰী কমাণ্ডাৰ, গৱৰ্ণৰ আদিৰ লগতে বিভিন্ন পদবীত নিযুক্তি দিছে বহু কুখ্যাত সন্ত্ৰাসবাদীক।

এতিয়া তালিবানতকৈয়ো গোড়া ইছলামিক পন্থাত বিশ্বাসী ISIS-Kৰ টাৰ্গেট হৈ পৰিছে তালিবানী প্ৰশাসনিক বিষয়া। ISIS-Kৰ সন্ত্ৰাসবাদীয়ে হত্যাৰ চেষ্টা চলাইছে তালিবানৰ প্ৰবক্তা জবিউল্লা মুজাহিদীনকো। ইতিমধ্যে বুধবাৰে পুৱা ISIS-Kৰ সন্ত্ৰাসবাদীয়ে তালিবানৰ এগৰাকী গৱৰ্ণৰৰ কাৰ্যালয়লৈ বোমা নিক্ষেপ কৰাত কেইবাজনো তালিবানী যুঁজাৰু নিহত হৈছে। মুঠতে আফগানিস্তান দখল কৰা তালিবানক তীব্ৰ প্ৰত্যাহ্বান জনাইছে বিশ্বত্ৰাস ইছলামিক সন্ত্ৰাসবাদী সংগঠন ISIS-Kই।

শেহতীয়া বাতৰি