কি আচৰিত! ২০২৫ চনৰ টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলী, অপেনিং বেটছমেন শিখৰ ধাৱান, ৰবিচন্দ্ৰন আশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাই ভাৰতৰ হৈ নহয়, পাকিস্তানৰ হৈ খেলিব!
এই কথা উল্লেখ কৰা হৈছে পাকিস্তানৰ সাংবাদিক নাইলা ইনায়তে শ্বেয়াৰ কৰা এটা বিশেষ ভিডিঅ’ত। ভিডিঅ’টো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে এতিয়া সৰ্বত্ৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।পাকিস্তানৰ এনে মানসিকতাক এতিয়া ধিক্কাৰ দিছে সকলোৱে।
সেই বিশেষ ভিডিঅ’টোত ২০২৫ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলখন পাকিস্তান আৰু ইংলেণ্ডৰ মাজত জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰীনগৰত অনুষ্ঠিত হোৱা দেখুওৱা হৈছে। য’ত বিৰাট কোহলী আৰু বাবৰ আজমে পাকিস্তানৰ হৈ অপেনিং কৰিবলৈ খেল পথাৰত নামিছে। চাৰিগৰাকী ভাৰতীয় খেলুৱৈক লৈ মূল পাকিস্তানী একাদশটো গঠন কৰা হৈছে বিতৰ্কিত পাকিস্তানী ভিডিঅ’টোত।
ছ’চিয়েল মিডিয়াত ভিডিঅ’টো প্ৰচাৰ কৰাৰ পাছতে পাকিস্তানী নাগৰিক সকল ট্ৰ’লৰ সন্মুখীন হৈছে। ভিডিঅ’টোত ভাৰতক এটা পাকিস্তানী পৰিয়ালে তাচ্ছিল্ল কৰা পৰিলক্ষিত হৈছে। সমগ্ৰ ভাৰত ভুমি পাকিস্তানে দখল কৰা দেখুওৱা হৈছে ভিডিঅ’টোত।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 07, 2019, 15:28 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।