দেওবাৰে পুৱা ৯:৫৫ বজাত পোখাৰাৰ পৰা জোমছমলৈ উৰা মৰা টুইন ইঞ্জিনৰ বিমানখন- Tara Air’s 9 NAET- খনে যোগাযোগ হেৰুৱাই পেলাইছিল। চাৰিজন ভাৰতীয়কে ধৰি ১৯ জন যাত্ৰী কঢ়িয়াই অনা নেপালৰ বিমান (Nepal Plane) এখন আকাশমাৰ্গতে নিখোজ হৈ পৰিছে। বিমানবন্দৰ কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে দেওবাৰে পুৱা স্থল সহায়কৰ সৈতে বিমানখনে যোগাযোগ হেৰুৱাই পেলাইছে।
দেওবাৰে পুৱা ৯:৫৫ বজাত পোখাৰাৰ পৰা জোমছম (Pokhara to Jomsom)লৈ উৰা মৰা টুইন ইঞ্জিনৰ বিমানখন- Tara Air’s 9 NAET- খনে যোগাযোগ হেৰুৱাই পেলাইছিল।
সন্ধানহীন বিমানখনত আছিল ৪ জন ভাৰতীয় আৰু ৪ জন জাৰ্মান নাগৰিক। বাকী যাত্ৰীসকল নেপালী নাগৰিক আৰু বিমানখনত ৩ জন ক্ৰিউ আছিল বুলি ANIৰ এক প্ৰতিবেদনত প্ৰকাশ।
খবৰ অনুসৰি মুখ্য জিলা বিষয়াই জনোৱা মতে, “মুস্তাংগ জিলাৰ জোমছমৰ আকাশৰ ওপৰেৰে বিমানখন দেখা গৈছিল আৰু তাৰ পিছত মাউণ্ট ধৌলাগিৰিলৈ ডাইভাৰ্ট হৈছিল যাৰ পিছত ই সংযোগলৈ অহা নাছিল।”
বিমানখনৰ সন্ধানত নেপাল আৰক্ষী আৰু সেনাই অভিযান অব্যাহত ৰাখিছে কিন্তু বিমানখনৰ সঠিক স্থান এতিয়াও জানিব পৰা হোৱা নাই। পাহাৰীয়া ভূখণ্ড আৰু বেয়া বতৰ অনুসন্ধান অভিযানত ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।
ইফালে, নেপালৰ গৃহ মন্ত্ৰণালয়ে নিৰুদ্দেশ হোৱা বিমানৰ সন্ধানত মুস্তাংগ আৰু পোখাৰাৰ পৰা দুখন ব্যক্তিগত হেলিকপ্টাৰ মোতায়েন কৰিছে।
Published by: Manjumoni Borah
First published: May 29, 2022, 13:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|