নেপালৰ পোখৰাৰ সমীপত য়েটি এয়াৰলাইন্সৰ (Yeti Airlines) এখন এ টি আৰ-৭২ বিমান ATR-72 দুৰ্ঘটনাগ্ৰস্ত হৈছে। দেওবাৰে পুৱা কাঠমাণ্ডুৰ পৰা পোখাৰালৈ (Pokhara) ৰাওনা হোৱা য়েটি এয়াৰলাইন্সৰ এ টি আৰ ৭২ বিমান দুৰ্ঘটনাগ্ৰস্ত হয় কাস্কি জিলাৰ পোখাৰাত।
খবৰ অনুসৰি, বিমানখনত মুঠ ৬৮ জন যাত্ৰী আৰু ৪জন ক্ৰু মেম্বাৰ আছিল। য়েটি এয়াৰলাইন্সৰ মুখপাত্ৰ সুদৰ্শন বৰতৌলাই সংবাদ মাধ্যমৰ আগত কয় যে পুৰণি বিমানবন্দৰ আৰু পোখৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনত মুঠ ৬৮ জন যাত্ৰী আৰু চাৰিজন ক্ৰু মেম্বাৰ আছিল।
উল্লেখযোগ্য যে, সামাজিক মাধ্যমত প্ৰকাশ পোৱা ছবি আৰু ভিডিঅ’ত দেখা গৈছে যে দুৰ্ঘটনাস্থলীৰ পৰা ধোঁৱাৰ ঢৌ উঠিছে। এতিয়াও অপেক্ষা কৰি আছে এই বিমান দুৰ্ঘটনাৰ বিষয়ে অধিক তথ্য জানিবলৈ। দুৰ্ঘটনাস্থলীত হেলিকপ্টাৰসহ উদ্ধাৰকাৰী দল মোতায়েন কৰা হৈছে।
প্ৰাথমিক খবৰ অনুসৰি কাঠমাণ্ডুৰ পৰা পোখৰালৈ ৬৮ যন যাত্ৰীক লৈ উৰা মাৰিছিল বিমানখনে। গন্তব্যস্থানৰ পৰা কেই কিলোমিটাৰমান দূৰত্বত, প্ৰায় ২০ মিনিটৰ যাত্ৰাৰ পিছতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। বৰ্তমান উদ্ধাৰ অভিযান চলি আছে।
খবৰ অনুসৰি, য়েটি এয়াৰলাইন্সৰ এই বিমানখন মধ্য নেপালৰ পোখৰাৰ পুৰণি আৰু নতুন বিমানবন্দৰৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হয়। স্থানীয় বিষয়াসকলে সংবাদ মাধ্যমক জনোৱা মতে, দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ধ্বংসাৱশেষত জুই জ্বলি আছে আৰু উদ্ধাৰ কৰ্মীয়ে অগ্নি নিৰ্বাপনৰ চেষ্টা চলাই আছে। সকলো উদ্ধাৰ সংস্থাই প্ৰথমে জুই নিৰ্বাপন কৰি যাত্ৰীক উদ্ধাৰ কৰাত মনোনিৱেশ কৰিছে। আনহাতে নেপালৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ (Civil Aviation Authority of Nepal-CAAN) তথ্য অনুসৰি য়েটি এয়াৰলাইন্সৰ ৯এন-এএনচি এটিআৰ-৭২ বিমানখনে কাঠমাণ্ডুৰ পৰা পুৱা ১০:৩৩ বজাত উৰা মাৰে। পোখৰা বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে পুৰণি বিমানবন্দৰ আৰু নতুন বিমানবন্দৰৰ মাজৰ ছেতী নদীৰ পাৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|