নেপালৰ বিমান দুৰ্ঘটনাৰ অন্য এক কাহিনী। দেওবাৰে নেপালত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানৰ সহ-পাইলট ৰূপে থকা অঞ্জু খাতিবাদাৰ এটা অসম্পূৰ্ণ সপোনৰ কৰুণ কাহিনী এয়া।
পোখাৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ ঠিক পূৰ্বেই দুৰ্ঘটনাগ্ৰস্ত হোৱা এটিআৰ-৭২ বিমানৰ সহ-পাইলট অঞ্জুৰ কেপ্তেইন হোৱাৰ সপোন বাস্তৱায়িত হ’বলৈ মাত্ৰ কেইছেকেণ্ডমান বাকী থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় বিমানখন। সেই সপোনে পূৰ্ণতা পালেহেঁতেন বিমানখন বন্দৰত অৱতৰণ কৰাহেঁতেন।
৭২ জন লোকক লৈ পোখাৰাত দুৰ্ঘটনাগ্ৰস্ত হোৱা য়েটি এয়াৰলাইন্সৰ বিমানখনৰ পাইলট আছিল জ্যেষ্ঠ কেপ্তেইন কমল কে চি। আৰু অঞ্জু সহ-পাইলটৰ আসনত বহি আছিল। দেওবাৰে পুৰণি পোখাৰা বিমানবন্দৰ আৰু পোখাৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মাজৰ চেটি নদীৰ অৱবাহিকাৰ বনাঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। ৬৯টা মৃতদেহ বৰ্তমানলৈ উদ্ধাৰ হোৱা বিমানৰ সকলো যাত্ৰীৰে মৃত্যুৰ আশংকা কৰা হৈছে।
সহ-পাইলট অঞ্জুৰ মৃতদেহ চিনাক্ত কৰাৰ পিছত এতিয়া চৰ্চা লাভ কৰিছে তেওঁৰ জীৱনৰ আশাৰ কৰুণ সমাপ্তিৰ বিষয়টোৱে। য়েটি এয়াৰলাইন্সৰ বিমানখন সফলতাৰে অৱতৰণ কৰিলেহে অঞ্জুক কেপ্তেইন পদবীলৈ উন্নীত হ’ব পাৰিলেহেঁতেন। সেই উদ্দেশ্যেই দেওবাৰে পুৱা তেওঁ জ্যেষ্ঠ পাইলট আৰু তেওঁৰ প্ৰশিক্ষক কমল কে চিৰ সৈতে উৰা মাৰিছিল।
এজন পাইলটে কেপ্তেইন পদবীৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ কমেও ১০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতাৰ প্ৰয়োজন। সূত্ৰ অনুসৰি, সহ-পাইলট হিচাপে নেপালৰ প্ৰায় সকলো বিমানবন্দৰতে সফলতাৰে অৱতৰণ কৰাৰ অভিজ্ঞতা অঞ্জুৰ আছিল। বাকী আছিল মাথোঁ এই নতুন বিমানবন্দৰটো। সেই লক্ষ্যটো সহজলভ্য হৈয়েই থাকিল। মুখ্য পাইলটৰ অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ মাত্ৰ ১০ ছেকেণ্ড বাকী থকা অৱস্থাত তেওঁৰ সপোন চূৰমাৰ হৈ গ'ল।
আশ্চৰ্যজনকভাৱে ২০০৬ চনৰ ২১ জুনত বিমান দুৰ্ঘটনাত অঞ্জুৱে স্বামীক হেৰুৱাইছিল। তেৱোঁ সহ-পাইলট আছিল। কাকতলীয়াকৈ তেৱোঁ য়েটি এয়াৰলাইন্সৰ লগতে আছিল। নেপালগঞ্জৰ পৰা সুৰখেটৰ পৰা জুমলালৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হয় এখন 9L AQ বিমানখন। ৬ জন যাত্ৰী আৰু ৪ জন ক্ৰুৰ মৃত্যু হয় এই দুৰ্ঘটনাত। ইয়াৰে এজন আছিল অঞ্জুৰ স্বামী। স্বামীৰ অপূৰ্ণ সপোন পূৰ কৰিবলৈ পত্নীয়ে বিচাৰিছিল যদিও ১৬ বছৰৰ পিছত য়েটি এয়াৰলাইন্সৰ বিমানে অসম্পূৰ্ণ কৰি ৰাখিলে দম্পতীটোৰ কেপ্তেইন হোৱাৰ সপোন।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|