নিৰুদ্দেশ হোৱাৰ কেইঘণ্টামান পিছতে সন্ধান ওলাল নেপালৰ যাত্ৰীবাহী বিমানৰ। সংবাদ সংস্থা এ এন আইৰ মতে, নেপালৰ মুস্তাঙৰ কোবান গাঁৱত উদ্ধাৰ হৈছে বিমানখনৰ ধ্বংসাৱশেষ। ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মুৰব্বীয়ে কয় যে বিমানখনৰ অৱস্থা এতিয়াও সঠিকভাৱে জানিব পৰা হোৱা নাই। এনে দুৰ্ঘটনা কেনেকৈ হ’ল সেয়াও তদন্তৰ বিষয়।
নেপালৰ স্থানীয় লোকে সেনাক জনাইছে যে যাত্ৰীবাহী বিমানখন লামচা নদীৰ ওপৰত মনোপথী হিমালৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয়। নেপালৰ সেনা তালৈ গৈছে। উদ্ধাৰৰ কাম আৰম্ভ হ’ব। জানিব পৰা মতে, বিমানখনত ২২ জন যাত্ৰী আছিল। ইয়াৰে চাৰিজন ভাৰতীয়।
পুৱা ৯:৫৫ বজাত আকাশত উৰিছিল বিমানখন। তাৰ পিছত আকাশৰ মাজত হঠাতে বিমানখনৰ সৈতে সকলো যোগাযোগ বিচ্ছিন্ন হৈ পৰে। যাত্ৰীসকলৰ ভিতৰত আছে ৩ জন জাপানৰ নাগৰিক। বাকী কেইজন নেপালৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, বিমানখন পোখৰাৰ পৰা জমছনলৈ গৈ আছিল। সেই মুহূৰ্তত মাজ আকাশত বিমানখনৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল। স্থানীয় জিলাৰ জ্যেষ্ঠ বিষয়া নেত্ৰপ্ৰসাদ শৰ্মাই জনোৱা মতে, বিমানখন মুস্তাং জিলাৰ জামছাঙৰ ওপৰেৰে উৰি যোৱা দেখা গৈছিল। কিন্তু তাৰ পিছতে বিমানখন মাউণ্ট ধৌলাগিৰিৰ দিশে ঘূৰি যায়। তাৰ পিছৰে পৰা বিমানখন সন্ধানহীন হৈ পৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|