লক্ষ্য ডিজিটেল ভাৰতত লিংগ বৈষম্য দূৰ কৰা, USAID, W-GDP-ৰ সৈতে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ সহযোগিতা

News18 Assam | News18-Assam
Updated:August 12, 2020, 4:14 PM IST
লক্ষ্য ডিজিটেল ভাৰতত লিংগ বৈষম্য দূৰ কৰা, USAID, W-GDP-ৰ সৈতে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ সহযোগিতা
এইবছৰ ৰিলাসেন্স ফাউণ্ডেশ্যনে নিজৰ দশম বৰ্ষপুৰ্তি উদযাপন কৰিছে। বিগত সময়ছোৱাত তিনি কোটিতকৈ অধিক ভাৰতীয়ৰ জীৱনত প্ৰভাৱ পেলাইছে ৰিলায়েন্স ফাউণ্ডেশ্যনে।

এইবছৰ ৰিলাসেন্স ফাউণ্ডেশ্যনে নিজৰ দশম বৰ্ষপুৰ্তি উদযাপন কৰিছে। বিগত সময়ছোৱাত তিনি কোটিতকৈ অধিক ভাৰতীয়ৰ জীৱনত প্ৰভাৱ পেলাইছে ৰিলায়েন্স ফাউণ্ডেশ্যনে।

  • Share this:
ভাৰতৰ ডিজিটেল জগতত লিংগ বৈষম্য দূৰ কৰিবলৈ এইবাৰ Women's Global Development and Prosperity (W-GDP) Initiativeৰ অধীনত US agency for International Development(USAID)ৰ সৈতে সহযোগিতা স্থাপন কৰাৰ কথা ঘোষণা কৰিছে ৰিলায়েন্স ফাউণ্ডেশ্যনে। অনুষ্ঠানত উপস্থিত থাকে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ডেপুটি চেক্ৰেটৰী অৱ ষ্টেট ষ্টিফেন বিয়েগান আৰু মাৰ্কিন প্ৰেচিডেণ্টৰ পৰামৰ্শদাতা ইভাংকা ট্ৰাম্প।

২০১৯ চনত ডোনাল্ড ট্ৰাম্পে সমগ্ৰ বিশ্বৰ মহিলাসকলক আৰ্থিক ভাবে শক্তিশালী কৰি তুলিবলৈ W-GDP লঞ্চ কৰিছিল। এই ক্ষেত্ৰত আছিল ইভাংকা ট্ৰাম্পৰ অন্যতম ভুমিকা। ইয়াৰ লক্ষ্য হৈছে ২০২৫ চনৰ ভিতৰত উন্নয়নশীল দেশসমূহৰ ৫০ লাখ মহিলাক সামৰি লোৱা। মাৰ্কিন প্ৰেচিডেণ্টৰ পৰামৰ্শদাতা ইভাংকা ট্ৰাম্পে কৈছে যে, মহিলাসকলৰ অৰ্থনৈতিক ক্ষমতাৰ বাবে বিভিন্ন উদ্ভাৱনী মাধ্যম তৈয়াৰ কৰা আৰু এই ক্ষেত্ৰত বিনিয়োগৰ বাবে W-GDP গঠন কৰা হৈছিল।

ভাৰ্চুৱেল বৈছকত অংশগ্ৰহণ কৰি  ৰিয়ায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাতা আৰু অধ্যক্ষা নীতা আম্বানীয়ে কয় যে, অত্যন্ত আনন্দৰ কথা যে, ৰিলায়েন্স ফাউণ্ডেশ্যনে USAIDৰ সৈতে সহযোগিতা স্থাপন কৰিছে। চলিত বছৰতে আমি দেশত Womenconnect Challenge মুকলি কৰিম। এই কৰ্মসূচীৰ মাধ্যমেৰে আমাৰ মূল উদ্যেশ্য হ’ব ভাৰতত লিংগ বৈষম্য আৰু ডিজিটেল বৈষম্য দূৰ কৰা।
Published by: Himangshu Bhuyan
First published: August 12, 2020, 4:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading