NASA: মংগল গ্ৰহত NASA-ই উৎপাদন কৰিলে অক্সিজেন

News18 Assam | News18-Assam
Updated:April 23, 2021, 2:38 PM IST
NASA: মংগল গ্ৰহত NASA-ই উৎপাদন কৰিলে অক্সিজেন
মংগল গ্ৰহৰ বায়ুমণ্ডলত আছে ৯৫ শতাংশই কাৰ্বন ডাই অক্সাইড। বাকী ৫ শতাংশ নাইট্ৰজেন আৰু আৰ্গণ।

মংগল গ্ৰহৰ বায়ুমণ্ডলত আছে ৯৫ শতাংশই কাৰ্বন ডাই অক্সাইড। বাকী ৫ শতাংশ নাইট্ৰজেন আৰু আৰ্গণ।

  • Share this:
মার্কিন যুক্তৰাষ্ট্ৰৰ মহাকাশ প্ৰতিষ্ঠান National Aeronautics and Space Administration চমুকৈ NASA-ই মংগল গ্ৰহৰ বায়ুমণ্ডলত মানুহে উশাহ ল’ব পৰা অম্লজান আহৰণ কৰিবলৈ সক্ষম হৈছে ।

মহাকাশ প্ৰতিষ্ঠানটোৱে জনোৱা মতে, নাছাই যোৱা ফেব্ৰুৱাৰীৰ ১৮ তাৰিখে ৰঙা গ্ৰহটোলৈ প্ৰেৰণ কৰা ৬ চকাযুক্ত Perseverance নামৰ যানখনত সংলগ্ন হৈ থকা প্ৰযুক্তি প্ৰণালীয়ে  মংগল গ্ৰহৰ বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড আহৰণ কৰি তাক মানুহে ব্যৱহাৰ কৰিব পৰা অম্লজানলৈ ৰূপান্তৰ  কৰাত সফল হৈছে ।  Moxie নামৰ যন্ত্ৰটোৱে ৫গ্ৰাম অক্সিজেন উৎপাদন কৰিবলৈ সক্ষম হয়। NASAৰ মতে, সিমান পৰিমাণৰ অক্সিজেনৰ সহায়ত এজন মহাকাশচাৰীয়ে ১০মিনিট উশাহ ল’ব পাৰিব ।

NASAৰ প্ৰযুক্তি প্ৰদৰ্শন (Technology Demonstration)ৰ সঞ্চালক Trudy Kortes-এ এই সন্দৰ্ভত কয় যে, 'Moxie হৈছে বৰ্হি-বিশ্বত অম্লজান আহৰণ কৰা প্ৰথমটো যন্ত্ৰ। তেওঁ লগতে কয়, এই পদ্ধতি মহাকাশচাৰীৰ কাৰণে ভীষণ সহায়ক হিচাপে পৰিগণিত হ’ব।

এই প্ৰযুক্তি প্ৰণালীয়ে Electrolysisৰ যোগেদি কাম কৰে। এই পদ্ধতিত অতিমাত্ৰা তাপ ব্যৱহাৰ কৰি অক্সিজেন এটম, কাৰ্বন ডাই অক্সাইডৰ পৰা পৃথক কৰা হয়।

উল্লেখ্যযে,  মংগল গ্ৰহৰ বায়ুমণ্ডলত আছে ৯৫ শতাংশই কাৰ্বন ডাই অক্সাইড। বাকী ৫ শতাংশ নাইট্ৰজেন আৰু আৰ্গণ। মংগলৰ বায়ুত অতি নগণ্য পৰিমাণৰ অক্সিজেন আছে ।
Published by: Himangshu Bhuyan
First published: April 23, 2021, 2:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি