আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাই (
NASA) ২৫ ডিচেম্বৰৰ দিনা উৎক্ষেপণ কৰা জেমছ ৱেব টেলিস্কোপ (James Webb Space Telescope) সফলতাৰে নিজৰ গতি লৈছে। এই টেলিস্কোপৰ উৎক্ষেপণ পৃথিৱীৰ ইতিহাসত যুগান্তকাৰী অভিযান ৰূপে পৰিগণিত হৈছে। এতিয়ালৈকে আটাইতকৈ ডাঙৰ আৰু শক্তিশালী দূৰবীণ পঠিওৱা হোৱা নাছিল। এই দূৰবীণে বহু দূৰৰ বিশ্বব্ৰহ্মাণ্ডৰ ছায়াপথ, গ্ৰহাণু, কৃষ্ণগহ্বৰ আৰু সৌৰজগত আদি আৱিষ্কাৰ কৰাত সহায় কৰিব।
নাছাই টেলিস্কোপটো ইউৰেপিয়ান আৰু কানাডিয়ান মহাকাশ সংস্থাৰ সহায়ত উৎক্ষেপণ কৰে। নাছাই এৰিয়ান-৫ ইচিএ (Ariane 5 Rocket) ৰকেটৰ সৈতে ইয়াৰ উৎক্ষেপণ কৰিছিল। দক্ষিণ আমেৰিকাৰ পূবৰ ফালে থকা উপকূল ফ্ৰেন্স গুয়ানাৰ পৰা ইয়াৰ উৎক্ষেপণ কৰা হয়।
উল্লেখ্য, এই দূৰবীণৰ উৎক্ষেপণৰ কাৰ্যসূচী কেইবাবাৰো পিছুৱাই দিয়া হৈছিল। প্ৰায় ১০,০০০ বিজ্ঞানীয়ে জেমছ ৱেব স্পেচ টেলিস্কোপ নিৰ্মাণৰ কামত জড়িত আছিল। এই দূৰবীণটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থাৰ পৰৱৰ্তী মুখ্য মহাকাশ অভিযান বুলি কোৱা হয়। দূৰবীণটো আগতে এই বছৰৰ মাৰ্চ মাহত উৎক্ষেপণৰ লক্ষ্য লোৱা হৈছিল, তাৰ পিছত এই কাৰ্যসূচী অক্টোবৰলৈ পিছুৱাই দিয়া হয়। কিন্তু এতিয়া ডিচেম্বৰত সফলতাৰে উৎক্ষেপণ কৰা হয়। কোভিড-১৯ মহামাৰীও উৎক্ষেপণৰ পৰিকল্পনা পিছুৱাই যোৱাত প্ৰভাৱ পেলাইছিল।
বিশ্বব্ৰহ্মাণ্ডত টেলিস্কোপে কি কৰিব
ৱাশ্বিংটনত নাছাৰ মুখ্য কাৰ্যালয়ৰ পৰা কাৰ্যসূচীটোৰ সঞ্চালক গ্ৰেগৰী এল ৰবিনছনে প্ৰকাশ কৰা মতে, দূৰবীণটোৱে আমাৰ সৌৰজগতৰ ৰহস্য সমাধানত সহায় কৰিব। ই পৃথিৱীৰ বাহিৰে আন পৃথিৱী আৰু তৰাৰ বিষয়েও তথ্য প্ৰদান কৰিব। আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্যময় গাঁথনি আৰু উৎপত্তিৰ বিষয়েও জানিব পৰা যাব ইয়াৰ জৰিয়তে। প্ৰায় ১৩.৫ বিলিয়ন বছৰ আগতে প্ৰাৰম্ভিক ব্ৰহ্মাণ্ডত সৃষ্টি হোৱা গেলেক্সী চাবলৈ জেমছ ৱেব টেলিস্কোপ ব্যৱহাৰ কৰা হ'ব। একে সময়তে, দূৰবীণটোৱে চন্দ্ৰ আৰু গ্ৰহবোৰৰ তৰা, এক্সোপ্লেনেট আৰু সৌৰ প্ৰণালীৰ উৎসবোৰ পৰীক্ষা কৰিব।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|