• Home
  • »
  • News
  • »
  • world
  • »
  • Parker Solar Probe: নাছাৰ সূৰ্যস্পৰ্শ, ২০ লাখ ডিগ্ৰী ফাৰেনহাইট তাপমানৰ মাজত নাছাৰ যানে চুলে সূৰ্যক

Parker Solar Probe: নাছাৰ সূৰ্যস্পৰ্শ, ২০ লাখ ডিগ্ৰী ফাৰেনহাইট তাপমানৰ মাজত নাছাৰ যানে চুলে সূৰ্যক

NASA Spacecraft ‘touches’ Sun: প্ৰতিবেদন অনুসৰি, পাৰ্কাৰ ছ'লাৰ প্ৰোব ৰকেটশ্বিপ সফলতাৰে ২৮ এপ্ৰিলত সূৰ্যৰ ওপৰৰ বাতাবৰণত প্ৰৱেশ কৰিছিল, যাক কোৰোনা বুলি কোৱা হয়।

  • Share this:
আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছা (NASA)ৰ এক যুগান্তকাৰী অন্তৰীক্ষ অভিযান সম্প্ৰতি চৰ্চাত আছে। নাছাৰ পাৰ্কাৰ ছ'লাৰ প্ৰোব (Parker Solar Probe) নামৰ এই যানে প্ৰথমবাৰৰ বাবে সূৰ্যক (The Sun) 'স্পৰ্শ' কৰে। নাছাই এই অভিযানৰ দ্বাৰা সূৰ্যৰ বাতাৱৰণ (Sun's upper atmosphere – the corona)ত প্ৰৱেশ কৰে প্ৰথমবাৰৰ বাবে। বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জিঅ'ফিজিকেল ইউনিয়নৰ এখন বৈঠকত নাছাৰ বিজ্ঞানীসকলে এই চমৎকাৰ সাফল্যৰ কথা ঘোষণা কৰিছিল।

পাৰ্কাৰ চ'লাৰ প্ৰোবে এপ্ৰিলত সূৰ্যলৈ কৰা অষ্টম সংখ্যক ভ্ৰমণৰ সময়ত সূৰ্যৰ বাতাৱৰণৰ মাজেৰে পাৰ হৈছিল। এই অভিযানটো একপ্ৰকাৰ অসম্ভৱ আছিল, কিয়নো সূৰ্যৰ কোৰোনাৰ তাপমাত্ৰা ২০ লাখ ডিগ্ৰী ফাৰেনহাইট। নাছাৰ অভিযান বিজ্ঞান জগতৰ বাবে এক সৰ্বশ্ৰেষ্ঠ সাফল্য আৰু মানুহৰ বাবে এক মাইলৰ খুঁটি ৰূপে বিবেচিত হৈছে।

প্ৰতিবেদন অনুসৰি, পাৰ্কাৰ ছ'লাৰ প্ৰোব ৰকেটশ্বিপ সফলতাৰে ২৮ এপ্ৰিলত সূৰ্যৰ ওপৰৰ বাতাবৰণত প্ৰৱেশ কৰিছিল, যাক কোৰোনা বুলি কোৱা হয়। একে সময়তে, নাছাৰ ৰকেটটোৱে ৰঙা গৰম তৰাটোৰ  পৃষ্ঠৰ কণা আৰু চুম্বকীয় ক্ষেত্ৰৰ নমুনাও লৈছে, যাক এতিয়ালৈকে সম্পূৰ্ণ কৰাটো অসম্ভৱ বুলি গণ্য কৰা হৈছিল।



কোৰোনাত ৫ ঘণ্টা আছিল এই স্পেছক্ৰাফট
নাছাই ইয়াৰ প্ৰতিবেদনত কৈছিল যে নাছাৰ স্পেছক্ৰাফট ২৮ এপ্ৰিল ২০২১ তাৰিখে প্ৰায় ৫ ঘণ্টা সূৰ্যৰ কোৰোনাত অৱস্থান কৰিছিল। তথ্যই দেখুৱাইছে যে মহাকাশযানখনে তিনিবাৰ সূৰ্যৰ কোৰোনাত প্ৰৱেশ কৰিছিল।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি