• Home
  • »
  • News
  • »
  • world
  • »
  • মংগল গ্ৰহত কেনেকুৱা হয় সূৰ্যাস্ত? NASAই প্ৰথমবাৰৰ বাবে দেখুৱালে অদ্ভুত দৃশ্য

মংগল গ্ৰহত কেনেকুৱা হয় সূৰ্যাস্ত? NASAই প্ৰথমবাৰৰ বাবে দেখুৱালে অদ্ভুত দৃশ্য

দীৰ্ঘ সময় ধৰি মংগল গ্ৰহৰ ওপৰত জীৱনৰ সন্ধান কৰা নাছাৰ বৈজ্ঞানিকে ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰিছে (NASA Share Sunset pic of Mars)।

দীৰ্ঘ সময় ধৰি মংগল গ্ৰহৰ ওপৰত জীৱনৰ সন্ধান কৰা নাছাৰ বৈজ্ঞানিকে ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰিছে (NASA Share Sunset pic of Mars)।

দীৰ্ঘ সময় ধৰি মংগল গ্ৰহৰ ওপৰত জীৱনৰ সন্ধান কৰা নাছাৰ বৈজ্ঞানিকে ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰিছে (NASA Share Sunset pic of Mars)।

  • Share this:


অস্তমিত সূৰ্য আৰু পাতল নীলা আকাশৰ দৃশ্যই সকলোকে আকৰ্ষণ কৰে। পৃথিৱীৰ বিভিন্ন স্থানত সূৰ্যাস্তৰ মনোমোহা দৃশ্য আপুনি নিশ্চয় দেখিছে। কিন্তু কেতিয়াবা ভাৱিছেনে যে সৌৰমণ্ডলৰ বাকী গ্ৰহৰ পৰা সূৰ্যাস্তৰ দৃশ্য কেনেকুৱা দেখি? বহুতৰে হয়তো আজিলৈ এই প্ৰশ্নটো মনতে অহা নাছিল!

কিন্তু নাছাৰ বৈজ্ঞানিকৰ মনত এই প্ৰশ্নটো আহিছিল আৰু তেওঁলোকে বাকী গ্ৰহৰ সূৰ্যাস্ত কেনেকুৱা হয় তাৰ ফটো শ্বেয়াৰ কৰিছে। দীৰ্ঘ সময় ধৰি মংগল গ্ৰহৰ ওপৰত জীৱনৰ সন্ধান কৰা নাছাৰ বৈজ্ঞানিকে ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰিছে (NASA Share Sunset pic of Mars)। বগা মেঘ, পাহাৰৰ দৰে শিলাখণ্ডৰ মাজত অস্তমিত সূৰ্যৰ ফটো দেখি অনুমান কৰাও টান যে এয়া পৃথিৱীৰ নহয় মংগল গ্ৰহৰ ফটো।



এই ফটোখন শ্বেয়াৰ কৰি নাছাই কেপচনত লিখিছে, ‘‘লাল গ্ৰহত এক নীলা সূৰ্যাস্ত। আমাৰ মংগল ৰ’ভাৰে সূৰ্যাস্তৰ নিজৰ ফটো লৈছে।’’ নাছাৰ পোষ্টটোৰ মতে, এই ফটোখন মাষ্টকেম–জেড কেমেৰা ছিষ্টেমৰ দ্বাৰা ৯ নৱেম্বৰ ২০২১ত সংগ্ৰহ কৰা হৈছে। মংগল গ্ৰহৰ সূৰ্যাস্তৰ ফটো মিছনৰ ২৫৭সংখ্যক দিনত কেপচাৰ কৰা হৈছে।

নাছাৰ বিজ্ঞানীসকলৰ মতে মংগল গ্ৰহৰ পৰা সূৰ্যাস্তৰ এইখন প্ৰথম ফটো। নাছাই কয় যে ৰঙা গ্ৰহত সূৰ্যাস্তৰ পৰ্যবেক্ষণ ১৯৭০ দশৰ পৰা চলি আছে।

Assam News Today | News in Assamese | Latest News in Assamese

Published by:Sanjay Kumar Das
First published: