ৰহস্যৰে ভৰপূৰ আমাৰ বিশ্বব্ৰহ্মাণ্ড। এনে আশ্চৰ্য–ৰহস্যৰ পম খেদিয়েই আগবাঢ়িছে মানৱ সভ্যতা। কিন্তু ৰহস্যৰ যেন অন্ত নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাই এইবেলি বিশ্বব্ৰহ্মাণ্ডৰ নান্দনিক ছবি মুকলি কৰিছে যি দেখিলে আপুনি স্বাভাৱিকতে আচৰিত হৈ পৰিব পাৰে।
নাছাই শ্বেয়াৰ কৰা এই ফটোখনৰ নাম দিয়া হৈছে 'ঈশ্বৰৰ হাত' (Hand of God)। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাৰ দ্বাৰা ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ফটোখন এতিয়ালৈকে হাজাৰ হাজাৰ লোকে লাইক কৰিছে। নাছাৰ মহাকাশে দূৰবীণৰ দ্বাৰা তোলা এয়া এখন সঁচা ফটো, য'ত প্ৰকাশি উঠিছে 'ঈশ্বৰৰ হাত'।
এই ছবিখনে ইয়াৰ পৃষ্ঠভূমিত দৃশ্যমান এক গভীৰ আৰু ক'লা স্থান (মহাকাশ) দেখুৱাইছে। আনহাতে, ই এক সোণালী গাঁথনি দেখুৱায়, যি গাঁথনি এখন হাতৰ দৰে। সেয়েহে ইয়াক 'ঈশ্বৰৰ হাত' নাম দিয়া হৈছে। এই গাঁথনিটো শূন্যৰ পৰা ওলাই অহা দেখা গৈছে। এনেকুৱা লাগিছে যে কোনো সৰ্বোচ্চ শক্তিয়ে আপোনাৰ আশীৰ্বাদ দি আছে।
আচলতে এই ছবিৰ অস্তিত্ব পৃথিৱীৰ পৰা ১৭,০০০ আলোকবৰ্ষ দূৰত অৱস্থিত, এই সুন্দৰ গাঁথনিক লৈ নাছাই ব্যাখ্যা কৰিছিল যে এই সোণালী গাঁথনিটো এটা নেবুলা (Nebula)। এটা তৰা বিস্ফোৰণ হোৱাৰ পিছত ইয়াৰ পালচাৰ (Pulsar) তাৰ পিছত ৰৈ যায়। পালছাৰ হৈছে এটা অদৃশ্য তৰা, যিয়ে নিয়মিত ৰূপত ৰেডিঅ' সংকেত দি থাকে।
মহাকাশ সংস্থাৰ মতে, ফটোখন মহাকাশ এক্স-ৰে টেলিস্কোপ নুষ্টাৰে তুলিছিল। ই বৰ্ণনা কৰিছিল যে ছবিখন তোলাৰ সময়ত ইয়াক হাতৰ সলনি মুঠিৰ দৰে লাগিছিল। নাছাই ফটোখন শ্বেয়াৰ কৰাৰ পিছত মানুহে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে। বহু লোকে এই ছবিখনৰ প্ৰতি তেওঁলোকৰ উৎসাহ দেখুৱাইছিল। বহুতে প্ৰকৃততে ইয়াক 'ঈশ্বৰৰ হাত'ৰ সৈতে তুলনা কৰিছিল। ইফালে, কিছুমান লোকে এনেধৰণৰ চমৎকাৰ ফটো শ্বেয়াৰ কৰাৰ বাবে নাছাক ধন্যবাদ জনাইছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|