NASAৰ বিজ্ঞানীয়ে জনাইছে যে বিক্ৰম লেণ্ডাৰ চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুৰ পৰা প্ৰায় ৬০০ কিলোমিটাৰ দূৰত্বত পৰিছিল। ১৭ ছেপ্টেম্বৰত LRO–এ সেই স্থানৰ ওপৰেৰে প্ৰদক্ষিণ কৰিছিল। কিন্তু আন্ধাৰ হোৱা বাবে সেই স্থানৰ সঠিক ফটো সংগ্ৰহ কৰিব পৰা নগ’ল। সেয়েহে লেণ্ডাৰ বিক্ৰমৰ সন্ধান পোৱা নগ’ল। অক্টোবৰত পুনৰ NASAই বিক্ৰমৰ সন্ধান কৰিব, যেতিয়া সেই স্থানত পোহৰ থাকিব।
Our @LRO_NASA mission imaged the targeted landing site of India’s Chandrayaan-2 lander, Vikram. The images were taken at dusk, and the team was not able to locate the lander. More images will be taken in October during a flyby in favorable lighting. More: https://t.co/1bMVGRKslppic.twitter.com/kqTp3GkwuM
ইফালে, ISROৰ অধ্যক্ষ ড০ কে সিৱনে কয় যে চন্দ্ৰযান–২ৰ অৰ্বিটাৰে সঠিকভাৱে কাম কৰি আছে। অৰ্বিটাৰৰ সকলো যন্ত্ৰই সঠিকভাৱে কাম কৰি আছে। আমি লেণ্ডাৰ বিক্ৰমৰ পৰা কোনো সংকেত পোৱা নাই। কিন্তু আমাৰ অৰ্বিটাৰে এতিয়াও চন্দ্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰি আছে।