এবছৰ ধৰি মঙল গ্ৰহত বাস কৰাৰ এক সুন্দৰ সুযোগ আছে চাৰিগৰাকী লোকৰ বাবে। নাছাই ইয়াকে লৈ আবেদন কৰাৰ বাবে আহ্বান জনাইছে। নাছাই যি মঙল গ্ৰহত থকাৰ বাবে আবেদন কৰিছে, সেয়া মঙলৰ একে বাতাৱৰণত তৈয়াৰ কৰা এক অনুশীলন ক্ষেত্ৰ।
টেক্সাছৰ জনছন স্পেচ চেণ্টাৰত মাৰ্চ ডিউন আলফা নামৰ এই ক্ষেত্ৰত এবছৰৰ বাবে থাকিব লাগিব। অনুশীলনত সফল হ'লে মঙল গ্ৰহত ভৰি থ'ব পাৰিব এই লোকসকলে। ইয়াৰ বাবে নাছাই চাৰিজন ক্ৰু সদস্য বিচাৰি আছে। জনছন স্পেচ চেণ্টাৰত অৱস্থিত মাৰ্চ ডিউন আলফা নামৰ এক ৩ডি মুদ্ৰিত ১৭০০ বৰ্গফুটৰ মডিউলত এবছৰ সম্পূৰ্ণ মঙল গ্ৰহত থকাৰ দৰে জীয়াই থাকিব লাগিব।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাই স্বেচ্ছাসেৱকসকলক মঙল গ্ৰহত মহাকাশচাৰী প্ৰেৰণ কৰাৰ আগতে প্ৰস্তুতিৰ অংশ হিচাপে এই সুযোগ আগবঢ়াইছে। নাছাৰ মুখ্য বিজ্ঞানী গ্ৰেছ ডগলাচে কালি স্কাই নিউজৰ আগত কোৱা অনুসৰি নাছাই মঙল গ্ৰহৰ প্ৰকৃত ছবিখন বুজিব বিচাৰিছে, তালৈ গৈ মানুহে কেনেদৰে কাম কৰিব, কেনে অসুবিধা হব আদি পৰীক্ষা কৰিব বিচাৰিছে।
আবেদনকাৰীৰ বিজ্ঞান, অভিযান্ত্ৰিক বা গণিতত স্নাতকোত্তৰ ডিগ্ৰী থকাৰ লগতে উৰণৰ অভিজ্ঞতাও থাকিব লাগিব। কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক বা স্থায়ী বাসিন্দা হোৱাৰ লগতে বয়স ৩০ৰ পৰা ৫৫বছৰ নিৰ্ধাৰণ কৰা হৈছে।
নাছাই এনে তিনিটা অভিযানৰ পৰিকল্পনা কৰিছে, যাৰ প্ৰথমটো ২০২২ চনত আৰম্ভ হ'ব।অৱশ্যে, নাছাৰ এই অভিযানত অংশগ্ৰহণ কৰাৰ সুযোগ পালে কিমান টকা পৰিশোধ কৰা হ'ব সেয়া জনা নাযায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|